মেলবৰ্ণ, ১৬ ফেব্ৰুৱাৰী: বিশ্ব ৰেংকিঙৰ তৃতীয় স্থান প্ৰাপ্ত মহিলা টেনিছ তাৰকা জাপানৰ নাওমী অ'ছাকাই অষ্ট্ৰেলিয়ান অ'পেনৰ ছেমি ফাইনেলত প্...
মেলবৰ্ণ, ১৬ ফেব্ৰুৱাৰী: বিশ্ব ৰেংকিঙৰ তৃতীয় স্থান প্ৰাপ্ত মহিলা টেনিছ তাৰকা জাপানৰ নাওমী অ'ছাকাই অষ্ট্ৰেলিয়ান অ'পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। মঙলবাৰে অনুষ্ঠিত হোৱা মহিলা একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অ'ছাকাই প্ৰতিদ্বন্দী চীন টাইপেৰ ছুু বেই হচিয়েক পৰাস্ত কৰি বছৰৰ প্ৰথম গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট অষ্ট্ৰেলিয়ান অ'পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। নাওমী অ'ছাকাই এই মেচখনত প্ৰতিদ্বন্দীক ৬-২,৬-২ছেটত পৰাস্ত কৰে আৰু ছেমি ফাইনেলত প্ৰৱেশ কৰে। মেচখনত এঘণ্টা ছয় মিনিট সময় ধৰি চলে।
No comments