গণ বাৰ্তা, যোৰহাট, ৪ ফেব্ৰুৱাৰীঃ আজি যোৰহাট আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি ৬ গ্ৰাম সন্দেহ যুক্ত ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে এটা . ২২ পিষ...
গণ বাৰ্তা, যোৰহাট, ৪ ফেব্ৰুৱাৰীঃ আজি যোৰহাট আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি ৬ গ্ৰাম সন্দেহ যুক্ত ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে এটা . ২২ পিষ্টল সহ নগদ ২৩,৬০০ টকা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে জনোৱা অনুসৰি এক গোপন সূত্ৰৰ পম খেদি ডি এচ পি বিভাস দাসৰ নেতৃত্বত যোৱা এটা দলে নগৰখনৰ বিভিন্ন স্থানৰ পৰা ৪ টা ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হয়। যোৰহাটৰ ভোগদৈ দলঙৰ সমীপৰ পৰা সঞ্জয় ঘোষ, গড়মুৰৰ পৰা ৰিজু আলি, পশ্চিম যোৰহাটৰ ঢাপকতাৰ পৰা পাপু ভূঞাৰ লগতে এজন কিশোৰক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন পাপু ভূঞাৰ পৰা ২.৫ গ্ৰাম সন্দেহ যুক্ত ব্ৰাউন চুগাৰ সহ এটা. ২২ পিষ্টল আৰু চাৰিজঁই সজীৱ গুলি জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে সঞ্জয় ঘোষৰ পৰাও সন্দেহ জনক ড্ৰাগছ উদ্ধাৰ হয়। উল্লেখ্য যোৰহাট আৰক্ষীয়ে জনোৱা মতে এই ড্ৰাগছ সমূহ চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ পৰা সৰবৰাহ কৰা হয়। প্ৰণিধানযোগ্য যে, যোৰহাটত ক্ৰমাৎ বৃদ্ধি পোৱা ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে যোৰহাট আৰক্ষী।
No comments