গণ বাৰ্তা , সাপেখাতী , ১৯ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ সাপেখাতীৰ আদৰ্শবান অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজ সেৱক টুনিৰাম গগৈ আজি পূৱতিনিশা নিজ বাস...
গণ বাৰ্তা , সাপেখাতী , ১৯ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ সাপেখাতীৰ আদৰ্শবান অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজ সেৱক টুনিৰাম গগৈ আজি পূৱতিনিশা নিজ বাসগৃহত পৰলোকগামী হোৱাত সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পৰিছে । ১৯৩৫ চনত ভোগবাৰী গাৱঁত জন্মগ্ৰহণ কৰা প্ৰয়াত টুনিৰাম গগৈয়ে ১৯৫৬ চতত প্ৰাথমিক শিক্ষক হিচাপে সাপেখাতীৰ বালিয়নী প্ৰাথমিক বিদ্যালয়ত যোগদান কৰে ৷ বাৰেগাওঁ প্ৰাথমিক,কঠালগুৰি প্ৰাথমিক,ভোগবাৰী প্ৰাথমিক,বহলহাবী ফুটন প্ৰাথমিক আৰু হৰিদেৱ প্ৰাথমিক বিদ্যালয়ৰ পৰা ১৯৯৮ চনৰ ৩১ আগষ্টত অৱসৰ গ্ৰহন কৰে ৷ অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠান,ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰনি ভূমিকা লোৱা টুনিৰাম গগৈয়ে নাটক,ভাওনা,বিহুৱা,বায়ন,ফুটবল খেলুৱৈ,ৰেফাৰী,মেধি আদিতো আগৰণুৱা আছিল । প্ৰয়াত টুনিৰাম গগৈৰ মৃত্যুৰ বাতৰি পাই অজস্ৰ গুণমুগ্ধই তেখেতৰ গৃহত গৈ শেষ শ্ৰদ্ধা জনায় ৷
No comments