'গন বাৰ্তা, মাৰ্ঘেৰিটা, ৫ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিধান সভা নিৰ্বাচনলৈ আৰু মাত্ৰ ২ টা মাহ বাকী৷ ভাৰতীয় নিৰ্বাচন আয়োগে ৪ আৰু ১১ এপ্ৰিলত দুট...
'গন বাৰ্তা, মাৰ্ঘেৰিটা, ৫ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিধান সভা নিৰ্বাচনলৈ আৰু মাত্ৰ ২ টা মাহ বাকী৷ ভাৰতীয় নিৰ্বাচন আয়োগে ৪ আৰু ১১ এপ্ৰিলত দুটা পৰ্যায়ত অসমত বিধান সভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ লগে লগে এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে৷ ইয়াৰ ব্যতিক্ৰম নহয় তিনিচুকীয়া বিধান সভা সমষ্টিও৷ তিনিচুকীয়াত এইবাৰ বিজেপিৰ বিধায়ক সঞ্জয় কিশানৰ বিৰুদ্ধে এঘৰি যুজিবলৈ সাজু হৈছে কংগ্ৰেছৰ জয়ন্ত কলিতা৷ বৰ্ষীয়ান নিকা ভাৱমূৰ্তিৰ জয়ন্ত কলিতা হল তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ভুৱনেশ্বৰ কলিতাৰ আত্মীয়৷ এসময়ত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুন গগৈৰ সতে উঠা বহা থকা জয়ন্ত কলিতাই এইবাৰ বিজেপি বিধায়ক সঞ্জয় কিশানক প্ৰত্যাহ্বান জনাই যুজিবলৈ ইতিমধ্যে ককালত টঙালী বান্ধি সাজু হৈছে৷ ইফালে, সমষ্টিটোত এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্বক লৈ এতিয়াও একাংশৰ কোচ কাৱাজ অৱ্যাহত আছে৷ বৰ্তমানৰ বিজেপি বিধায়ক তথা অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি উন্নয়ন মন্ত্ৰী সঞ্জয় কিশানে এইবাৰো প্ৰৱল আশাবাদী যদিও তেওৰ এই আশাত চেচা পানী ঢালিবলৈ উঠি পৰি লাগিছে বিজেপিৰ ৰাজ্যিক সমিতিৰ উপঃ সভাপতি পুলক গোহায়ে৷ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনতো সমষ্টিটোৰ পৰা দলীয় প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ আছিল পুলক গোহাই৷ কিন্তু পুলকৰ আশাত চেচাপানী ঢালি প্ৰাৰ্থিত্ব আজুৰি আনিবলৈ সক্ষম হৈছিল প্ৰাক্তন আটচা নেতা সঞ্জয় কিশানে৷ আৱশ্যে এইবাৰ সঞ্জয় কিশানক ডুমডুমা সমষ্টিতহে দলে প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে গুনাগঠা কৰা বুলি চৰ্চা চলিছে৷ কিয়নো ৬০ শতাংশ চাহ জনগোষ্ঠীয় অধ্যুষিত সমষ্টিটো বৰ্তমানে আছে কংগ্ৰেছৰ বিধায়ক দুৰ্গা ভূমিজৰ দখলত৷ গতিকে সমষ্টিটো আজুৰি আনিবৰ বাবে চাহ জনগোষ্ঠীয় নেতা হিচাবে সঞ্জয় কিশানক ডুমডুমাত প্ৰক্ষেপ কৰিলেও আচৰিত হব লগা একো নাই৷ সেইদৰে কংগ্ৰেছতো প্ৰাৰ্থিত্ব লাভৰ বাবে মন মেলিছে একাংশই৷ সমষ্টিটোৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙে কেইমাহমান পূৰ্বে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাত সমষ্টিটোত কংগ্ৰেছৰ ভেটি থৰক বৰক হৈ পৰিছিল যদিও কংগ্ৰেছৰ তিনিচুকীয়া জিলাৰ সভাপতি জয়ন্ত কলিতাৰ নেতৃত্বত কংগ্ৰেছ পুনৰ উদ্ধাৰৰ প্ৰচেষ্ঠা অব্যাহত আছিল৷
বৰ্তমানে কংগ্ৰেছৰ এইসকল প্ৰাৰ্থিত্ব প্ৰত্যাক্ষীৰ ভিতৰত আছে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতা, অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সম্পাদক দণ্ডী সোনোৱাল আৰু অসম প্ৰদেশ কংগ্ৰেছৰ আন এগৰাকী সম্পাদক অৰুন চাহু৷ আনফালে সমষ্টিটোত এইবাৰ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী তৎপৰতা৷ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰজোটৰ কেইবাজনো নেতাই সমষ্টিটোত প্ৰাৰ্থিত্ব লাভৰ বাবে মন মেলাৰ কথা জানিব পৰা গৈছে৷ আৰু এটা মাহৰ ভিতৰত বিজেপি তথা কংগ্ৰেছৰ কোনে লাভ কৰিব প্ৰাৰ্থিত্ব, এই ছবিখন স্পষ্ট হব৷
হিন্দীভাষী, বঙালীভাষীৰ গৰিষ্ঠতাই নিৰ্ধাৰন কৰিব তিনিচুকীয়াত বিধায়ক হব কোনঃ- দেশৰ বিভিন্ন ভাষা ভাষী সম্প্ৰদায়ৰ লোকে বসবাস কৰা ভৌগলিক ক্ষেত্ৰৰ পৰা চহৰ ব্যৱসায়িক ক্ষেত্ৰ আৰু কাষৰীয়া চাহ বাগিছা অঞ্চলৰে গঠিত তিনিচুকীয়া বিধান সভা সমষ্টিত প্ৰায় ৫৫ হাজাৰ বাঙালী, প্ৰায় ৪০ হাজাৰ হিন্দীভাষী আৰু প্ৰায় ৩০ হেজাৰ চাহ জনগোষ্ঠীৰ লোকে বিগত সময়ৰ দৰে এইবাৰো নিৰ্ধাৰন কৰিব কোন হব তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিধায়ক৷ মন কৰিবলগীয়া যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ আগমূহূৰ্তলৈকে মূলত বাঙালী, হিন্দীভাষী আৰু চাহ জনগোষ্ঠী ভোটাৰে প্ৰাৰ্থিৰ ভাগ্য নিৰ্ণয় কৰা সমষ্টিটো আছিল কংগ্ৰেছৰ দখলত৷ অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাই তিনিচুকীয়া বিধান সভা সমষ্টিৰ পৰা তদানিন্তন জনতা পাৰ্টিৰ পৰা ১৯৭৮ চনত বিজয়ী হোৱাৰ বিপৰীতে কিন্তু সৰ্বদা সমষ্টিটোৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিহে জয়ী হৈ আহিছে৷ অসম আন্দোলনৰ সমাপ্তিৰ পিছত ৰাজ্যজুৰি অসমীয়াৰ আবেগৰ জোৱাৰ উঠাৰ সময়তো ১৯৮৫ চনৰ নিৰ্বাচনত এই সমষ্টিটোত কংগ্ৰেছী প্ৰাৰ্থিহে বিজয়ী হৈছিল৷
No comments