কেপটাউন, ১৬ ফেব্ৰুৱাৰী: দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলটোৱে চলিত বৰ্ষৰ জুলাইত সীমিত অভাৰৰ ছিৰিজৰ বাবে আয়াৰলেণ্ড ভ্ৰমণ কৰিব। দক্ষিণ আফ্ৰিকাই প্ৰথ...
কেপটাউন, ১৬ ফেব্ৰুৱাৰী: দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলটোৱে চলিত বৰ্ষৰ জুলাইত সীমিত অভাৰৰ ছিৰিজৰ বাবে আয়াৰলেণ্ড ভ্ৰমণ কৰিব। দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰলৈ এখনতকৈ অধিক মেচ খেলিবলৈ আয়াৰলেণ্ড ভ্ৰমণ কৰিব।ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকা দলটোৱে ২০০৭ত আয়াৰলেণ্ড ভ্ৰমণ কৰিছিল। এই ভ্ৰমণকালত দক্ষিণ আফ্ৰিকাই আয়াৰলেণ্ডত এখন এদিনীয়া মেচ খেলিছিল। জুলাইৰ ভ্ৰমণকালত দক্ষিণ আফ্ৰিকাই তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচৰ ছিৰিজ খেলিব। ১১ৰ পৰা ২৫জুলাইৰ ভিতৰত ছিৰিজ আয়োজন হ'ব। এই এদিনীয়া ছিৰিজ আইচিচি বিশ্ব কাপ চুপাৰ লীগৰ অংশ হ'ব। আনহাতে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ অন্তত জিম্বাবোৱে আয়াৰলেণ্ড ভ্ৰমণলৈ যাব। আগষ্টত দলটোৱে সীমিত অভাৰৰ ছিৰিজ খেলাৰ বাবে আয়াৰলেণ্ড ভ্ৰমণ কৰিব। এই ভ্রমনত দলটোৱে তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচিৰ চিৰিজ খেলিব। প্ৰথমখন এদিনীয়া ৬ আগষ্টত অনুষ্ঠিত হোৱাৰ বিপৰীতে অন্তিমখন টি-২০ মেচ ২০ আগষ্টত অনুষ্ঠিত হ'ব।
No comments