Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ বকোৰ পানীখাইতীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন

গ ণ বাৰ্তা,সোণতলী, ৮ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত পানীখাইতীৰ খহনীগ্ৰস্ত এলেকা আজি কামৰূপ জিলাৰ উপায়ুক্তই পৰিদৰ্শন...


ণ বাৰ্তা,সোণতলী, ৮ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত পানীখাইতীৰ খহনীগ্ৰস্ত এলেকা আজি কামৰূপ জিলাৰ উপায়ুক্তই পৰিদৰ্শন কৰে৷ উল্লেখ্য যে বিগত দিনৰ ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ ফলত সোণতলীৰ লটুৰাদিয়া, ১নং, ২নং জ্যোতিয়াদিয়া, বৰদিয়া নয়াপাৰা, লটুৰটাৰীকে ধৰি কুৰিখনৰো অধিক গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰত বিলীন গৈছে৷তদুপৰি প্ৰতিবছৰে বহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি হাজাৰ হাজাৰ বিঘা কৃষি ভূমি  ঘৰ-দুৱাৰ জাহ গৈছে।

আনহাতে বিগত দিনত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াই পানীখাইতীৰ নৈপৰীয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, লটুৰীয়াদিয়া প্ৰাথমিক বিদ্যালয়, পানীখাইতী প্ৰাথমিক বিদ্যালয়, কান্ধাৰপাৰ প্ৰাথমিক বিদ্যালয়, বিলপাৰা প্ৰাথমিক বিদ্যালয়, পানীখাইতী মধ্য ইংৰাজী বিদ্যালয় আদি শিক্ষানুষ্ঠানৰ উপৰি কেইবাটাও অংগনবাড়ী কেন্দ্ৰ বৰলুইতত বিলীন গৈছে৷ জানিব পৰামতে কামৰূপ জিলাৰ উপাযুক্ত কৈলাশ কাৰ্তিক এনে আজি সোণতলীৰ পানীখাইতীৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ জিলা উপায়ুক্তগৰাকীয়ে অঞ্চলটোৰ ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি সঁহাৰি জনাই অচিৰেই অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে৷ পৰিদৰ্শনকালত জিলা উপায়ুক্তৰ প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক আজাদ ওচমান গণি, বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে৷

No comments