Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জিলা প্ৰশাসন কৰ্মচাৰীৰ সৰ্বাত্মক অসহযোগ আন্দোলন কাৰ্যসূচী; চিৰাঙতো দুদিন ধৰি স্তব্ধ প্ৰশাসনিক কাম - কাজ

সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ ফেব্ৰুৱাৰী : অসমৰ অন্যান্য জিলাৰ লগতে বিটিআৰৰ চিৰাং জিলাখনতো জিলা উপায়ুক্ত কাৰ্যালয়ত কৰ্মচাৰী সকলে সৰ্বাত্মক অস...


সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ ফেব্ৰুৱাৰী
: অসমৰ অন্যান্য জিলাৰ লগতে বিটিআৰৰ চিৰাং জিলাখনতো জিলা উপায়ুক্ত কাৰ্যালয়ত কৰ্মচাৰী সকলে সৰ্বাত্মক অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । চিৰাং জিলা সদৰ কাজলগাঁওস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি কৰ্মৰত প্ৰশাসনিক কৰ্মচাৰীসকলে একমুখে নিযুক্তিৰ শিক্ষাগত অৰ্হতা অনুসৰি উপায়ুক্ত সংস্থাপনৰ ৩ য় বৰ্গৰ কৰ্মচাৰী সকলক গ্ৰেজুৱেট গ্ৰেড পে প্ৰদান কৰক , উপায়ুক্ত কাৰ্যালয়সমুহত অধীক্ষক , মুখ্য সহায়ক আৰু গাননিক পদৰ সৃষ্টি কৰক , নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক , চৰকাৰে বন্ধ কৰি ৰখা মৰগীয়া বানচ মুকলি কৰি দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত তথা চিৰাং জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বানত ১৯ আৰু ২০ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ৰূপায়িত উক্ত ধৰ্মঘট কাৰ্যসূচীত চিৰাং জিলা প্ৰশাসনৰ অধীনৰ অৰ্ধশতাধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে । ইপিনে , জিলাখনৰ বিজনী মহকুমাধিপতি কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী সকলেও অনুৰূপ ধৰণেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।  আজি সামৰণি পৰা এই অসহযোগ আন্দোলনৰ ফলত উপায়ুক্ত আৰু মহকুমাধিপতি কাৰ্যালয়ৰ নজৰত শাখা , বিশ্বস্ত শাখা , নিৰ্বাচন শাখা , আৱৰ্ত ভৱন আদিকে ধৰি সকলো কৰ্মচাৰী কৰ্মস্থলীৰ পৰা  আঁতৰি থকাত প্ৰশাসনিক কাম কাজ স্তব্ধ হৈ পৰে । 

No comments