গণ বাৰ্তা,টেঙাখাত, ১১ ফেব্ৰুৱাৰী : ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰৰ কাৰ্য্যালয়ৰ সন্মুখত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ...
গণ বাৰ্তা,টেঙাখাত, ১১ ফেব্ৰুৱাৰী : ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰৰ কাৰ্য্যালয়ৰ সন্মুখত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসম চাহ জনজাতি ছাত্ৰ সন্থা টেঙাখাত শাখা আৰু দুলীয়াজান শাখাৰ যুটীয়া উদ্যোগত চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যা সমাধানৰ দাবীত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰে ।এই কাৰ্যসুচী টেঙাখাত ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰি নৰেন্দ্ৰ মোডী মূৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ, হিমন্ত বিশ্ব মূৰ্দাবাদ, এটি কলি দুটি পাত চাহ শ্ৰমিক জিন্দাবাদ, অসম চাহ জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।লগতে টেঙাখাত ৰাজহচক্ৰৰ চক্ৰ বিষয়া মিনা ৰাভা দেৱীৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী লৈ এখন স্মাৰকপত্ৰ ও প্ৰদান কৰে।উল্লেখযোগ্য যে, অসম চাহ জনজাতি ছাত্ৰ সন্থা টেঙাখাত শাখাৰ সভাপতি তিলক খালখ, ভাৰপ্ৰাপ্ত সম্পাদক প্ৰমেন এক্কা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দুলীয়াজান শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জয় ভদ্ৰ, সম্পাদক কিৰণ ভূমিজ স্বাক্ষৰিত স্মাৰক পত্ৰৰ যোগেদি অন্যান্য ৰাজ্যৰ তুলনাত বহু বছৰ ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমৰ চাহ বনুৱা সকলৰ দেওবৰীয়া ছুটীসহ দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰা, ভূমিহীন চাহ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান কৰা, চাহ বাগিচাৰ শ্ৰমিকসকলৰ উন্নত মানৰ চিকিৎসা সেৱা, ৰেচন, পি এফ গ্ৰেচুইটি অনাদায় হৈ থকা সকলো ব্যৱস্থা কৰিবলৈ দাবী জনাই টেঙাখাত ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি ৰাজ্যৰ মূখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে।
No comments