পঙ্কজ নাথ, চাংসাৰি, ২৪ ফেব্রুৱাৰী: আজি ২৪ ফেব্ৰুৱাৰী বুধবাৰে কামৰূপ জিলাৰ অন্তৰ্গত পশ্চিম দদৰাত বিত্ত, লোক নিৰ্মান, শিক্ষা, স্বাস্থ্য আদি কে...
পঙ্কজ নাথ, চাংসাৰি, ২৪ ফেব্রুৱাৰী: আজি ২৪ ফেব্ৰুৱাৰী বুধবাৰে কামৰূপ জিলাৰ অন্তৰ্গত পশ্চিম দদৰাত বিত্ত, লোক নিৰ্মান, শিক্ষা, স্বাস্থ্য আদি কেইবাটাও বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আমিনগাঁও বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ আনুষ্ঠানিক ভাবে স্থাপন কৰে । অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনত নিৰ্মান হবলগীয়া এই প্ৰকল্পত ১৯.৭৩ কোটি টকা ব্যয় হব বুলি জানিবলৈ দিছে । স্থাপন কাৰ্য্য উপলক্ষে আয়োজিত সভাত ভাষণ দি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ ভৱিষ্যত প্ৰজন্মৰ ছাত্র-ছাত্ৰীৰ বাবে জ্ঞান আৰু প্ৰজ্ঞাৰ এক নতুন মন্দিৰ হব । তেওঁ লগতে কয় যে এই অনন্য আৰু নৱতম প্রকল্প সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ নতুন প্ৰজন্মৰ ছাত্ৰ- ছাত্ৰী আৰু যুৱক-যুৱতীৰ জ্ঞান- বিজ্ঞান ৰ্চ্চাৰ দিশত এক নতুন অধ্যায়ৰ সূচনা হব । এই প্ৰকল্পই ছাত্ৰ-ছাত্ৰী সকলৰ জ্ঞানৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ লগতে অঞ্চলটোলৈ বিজ্ঞান শিক্ষাৰ দিশত নতুন পোহৰ আনিব বুলি মন্ত্ৰী ডঃ শৰ্মাই সভাত কয় । বিগত কালছোৱাত কামৰূপ জিলা তথা জালুকবাৰী বিধানসভা সমষ্টিত হোৱা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ এক আভাস দাঙি ধৰি মন্ত্ৰী ডঃ শৰ্মাই কয় যে আগন্তুক দিনত অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে আৰু অধিক প্ৰকল্প ৰূপায়ন কৰা হব । আগন্তুক দিনৰ এই প্ৰকল্প সমূহৰ ভিতৰত অন্যতম হব - আজ্ঞাঠুৰীৰ পৰা শুৱালকুছিলৈ এক নতুন পথ নিৰ্মাণ, ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুছি- পলাশবাৰী সংযোগী দলং নিৰ্মাণ, আমিনগাঁওত এখন বৃহৎ কেঞ্চাৰ হস্পিতাল স্থাপন, এখন ইনডোৰ ষ্টেডিয়াম, শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ স্থায়ী ভৱন নিৰ্মান আৰু ইয়াক কেন্দ্ৰ কৰি এখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন । মন্ত্ৰী ডঃ শৰ্মাই আজি আধাৰশিলা স্থাপন কৰা নতুন প্ৰকল্পটোৰ নাম কামৰূপ জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ ৰখাৰ পোষকতা কৰে ।
সভাত বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই দিয়া ভাষণত বৰ্তমান চৰকাৰৰ কাৰ্যকালত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ৰাজ্য খনত ৰূপায়ণ হোৱা বিভিন্ন প্ৰকল্প তথা আঁচনিৰ এক আভাস দাঙি ধৰে । বৰ্তমান চৰকাৰে সমাজৰ সকলো স্তৰলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে সভাত কয় যে ৰাজ্য খনত নতুনকৈ ২২ টা জিলা বিজ্ঞান কেন্দ্ৰ স্থাপন কৰা হ'ব আৰু ইয়াৰে ১১ টাত তাৰকাগৃহ থাকিব । ইতিমধ্যে ৬ টা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ কাম আৰম্ভ হৈছে । ৰাজ্য খনত স্থাপন কৰা ২১৯ টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কথা উল্লেখ কৰি মন্ত্ৰী মহন্তই কয় যে এই বিজ্ঞান কেন্দ্র সমূহৰ জৰিয়তে তৃণমূল পর্যায়তো ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী সকলৰ মাজত জ্ঞান - বিজ্ঞানৰ প্ৰসাৰৰ ব্যৱস্থা কৰা হৈছে । আজি আধাৰশিলা স্থাপন কৰা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো নিৰ্মানত ১৯.৭৩ কোটি টকা ব্যয় হব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ই এক বৃহৎ পদক্ষেপ । সভাত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব হেমেন দাসেও ভাষণ দিয়ে । অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালিকা কিমনেই চাংচনৰ লগতে জিলা প্ৰশাসন আৰু বিজ্ঞান- প্ৰযুক্তি বিভাগৰ বিষয়াসকলৰ লগতে সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।
No comments