Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাৰাডোনাৰ মৃত্যুৰ তদন্তৰ আওতাত তিনি নাৰ্ছ

বিউনাচ আয়াৰ্ছ, ৯ ফেব্ৰুৱাৰী:  আৰ্জেন্টিনাৰ প্ৰখ্যাত ফুটবলাৰ মাৰাডোনাৰ মৃত্যু ঘটা দুমাহতকৈ অধিক সময় হ'ল যদিও তেওঁৰ মৃত্যুৰ তদন্ত চলি আছে।...


বিউনাচ আয়াৰ্ছ, ৯ ফেব্ৰুৱাৰী:  আৰ্জেন্টিনাৰ প্ৰখ্যাত ফুটবলাৰ মাৰাডোনাৰ মৃত্যু ঘটা দুমাহতকৈ অধিক সময় হ'ল যদিও তেওঁৰ মৃত্যুৰ তদন্ত চলি আছে। তেওঁৰ মৃত্যুৰ কাৰণৰ সম্ভেদ উলিওৱাৰ বাবে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই আছে। মাৰাডোনাৰ চিকিৎসা কৰি থকা ডাক্তৰ আৰু মনোচিকিৎসকক তদন্তৰ আওতালৈ অনা হৈছে। ইয়াৰ উপৰি সোমবাৰে আৰু তিনিজনক তদন্তৰ আওতালৈ অনা হৈছে। প্ৰাপ্ত খবৰ অনুসৰি মাৰাডোনাৰ মৃত্যুৰ তদন্ত চলাই থকা আৰক্ষীয়ে তেওঁৰ চিকিৎসা কৰি থকা দুগৰাকী নাৰ্ছকো তদন্তৰ আওতালৈ আনিছে। উল্লেখ্য যে মাৰাডোনাৰ  ২৫ নৱেম্বৰত হৃদ আক্রান্তত মৃত্যু ঘটিছিল। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৬০ বছৰ। মৃত্যুৰ পূৰ্বে তেওঁৰ মগজুৰ অস্ত্ৰোপচাৰ হৈছিল। অস্ত্ৰোপচাৰৰ দুটা সপ্তাহতৰ পিছতে মাৰাডোনাক ঘৰলৈ যোৱাৰ অনুমতি দিছিল। মাৰাডোনাৰ মৃত্যুৰ পিছত তেওঁৰ কন্যাই অভিযোগ কৰিছিল যে চিকিৎসকৰ হেমাহিৰ বাবে তেওঁৰ মৃত্যু ঘটিছে। একেদৰে মাৰাডোনাৰ অধিবক্তাই কৈছে যে তেওঁৰ মৃত্যুৰ তদন্ত হ'ব লাগে। মৃত্যুৰ পূৰ্বে তেওঁৰ গৃহত ৩০ মিনিট পলমকৈ এম্বুলেন্স আহি উপস্থিত হৈছিল। লগতে চিকিৎসকে তেওঁক সঠিক ভাৱে চিকিৎসা কৰা নাছিল। এনেবোৰ অভিযোগৰ  পিছত মাৰাডোনাৰ মৃত্যুক লৈ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।  আৰক্ষীৰ সেই তদন্ত প্ৰক্ৰিয়া চলি আছে।

No comments