Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিশা যোৰহাটৰ এটা আগশাৰীৰ বৈদ্যুতিন মাধ্যমৰ কাৰ্য্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ ।

শাৰীৰিক ভাবে সাংবাদিকক আক্ৰমণ , আছু, যোৰহাট ই মিডিয়া, যোৰহাট জিলা সাংবাদিক সন্থাৰ তীব্ৰ প্ৰতিবাদ --- বিভিন্ন দল সংগঠনৰ গৰিহণা   ষ্টাফ ৰিপৰ্ট...

শাৰীৰিক ভাবে সাংবাদিকক আক্ৰমণ , আছু, যোৰহাট ই মিডিয়া, যোৰহাট জিলা সাংবাদিক সন্থাৰ তীব্ৰ প্ৰতিবাদ --- বিভিন্ন দল সংগঠনৰ গৰিহণা  


ষ্টাফ ৰিপৰ্টাৰ / গণ বার্তা, যোৰহাট, ১৭ ফেব্ৰুৱাৰীঃ  মঙলবাৰে নিশা যোৰহাটত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নিশা প্ৰায় ১০-১৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ চলাই যোৰহাটস্থিত "প্ৰতিদিন টাইম" নামৰ আগশাৰীৰ বৈদ্যুতিন মাধ্যমৰ কাৰ্য্যালয়ত আক্ৰমণ চলায়। এই আক্ৰমণত জিন্টু শইকীয়া নামৰ এজন সাংবাদিক শাৰীৰিক ভাৱে অপদস্থ হোৱাৰ লগতে প্ৰকাশ কৰ্মকাৰ নামৰ এজন যুৱক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। ঘটনাৰ  অনুসৰি নিশা প্ৰায় ৯:৩০ মান বজাত এটা প্ৰায় ১০-১৫ জনীয়া  দলে প্ৰতিদিন টাইম নামৰ ব্যক্তিগত বৈদ্যুতিন মাধ্যমটোৰ যোৰহাট স্থিত কাৰ্য্যালয়ত আক্ৰমণ চলাই। এই আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ আঘাত প্ৰাপ্ত হয় প্ৰকাশ কৰ্মকাৰ নামৰ  যুৱকজন। আনহাতে কাৰ্য্যালয়টোত সই সময়ত উপস্থিত থকা জিন্টু শইকীয়া নামৰ সাংবাদিকজনো শাৰীৰিক ভাৱে অপদস্থ হয়। ইফালে কাৰ্য্যালয়ত সেই সময়ত উপস্থিত থকা প্ৰতিদিন টাইমৰ সাংবাদিক পৰমানন্দ বৰা দুৰ্বৃত্ত  দলটোৰ আক্ৰমণৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰে। এই ঘটনাৰ পাচতেই যোৰহাট আৰক্ষীয়ে অতি তৎপৰতাৰে তিনিটা দুৰ্বৃত্তক  যোৰহাট থানা ৰোডৰ পৰা আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে এ এচ ০১ এএন ১৬৯৯ নম্বৰৰ এখন ৱেগনৰ গাড়ীও জব্দ কৰে। আৰক্ষীয়ে আটক কৰা দুৰ্বৃত্ত  কেইটা হৈছে, ৰাজীৱ বৰা, শ্যামলজ্যোতি বৰা আৰু ভবেন গগৈ। ইফালে প্ৰতিদিন টাইমৰ সাংবাদিক পৰমানন্দ বৰাই দাখিল কৰা এজাহাৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে গোচৰ নং ৪৩৪/২১ভাৰতীয় দণ্ডবিধি  ১৪৩, ১৪৭, ৩২৪, ৩০৭,৫১১ ধাৰাত  তিনিওকে আটক কৰাৰ লগতে পলাতক দুৰ্বৃত্ত কেইটাৰ সন্ধানত যোৰহাট আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। এই ঘটনাক কেন্দ্র কৰি যোৰহাটৰ সচেতন মহলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰণিধানযোগ্য যে আটক হোৱা দুষ্কৃতিকাৰী কেইটা হিন্দু জাগৰণ মঞ্চৰ নামৰ সংগঠনৰ সদস্য বুলি অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰে সুবাদতে বিভিন্ন উচ্চ পৰ্য্যায়ৰ ৰাজনৈতিক নেতাই আটকাধীন দুষ্কৃতিকাৰী কেইটাক মুকলাবৰ বাবেও আৰক্ষীক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে। এনে এক ঘটনাৰ পিচত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়াহে এতিয়া লক্ষ্যণীয় হ'ব।  আৰক্ষীয়ে এদিনৰ বাবে দুৰ্বৃত্তকেইটাক নিজৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে ।
আনহাতে এই কাণ্ডৰ প্ৰতিবাদত যোৰহাটত আছু/যোৰহাট ই মিডিয়া, যোৰহাট জিলা সাংবাদিক সন্থাই আজি জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । লগতে আজু, সদৌ অসম সাংবাদিক সন্থা যোৰহাট জিলা সমিতি, যোৰহাট প্ৰেছ ক্লাৱ , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , ৰাইজৰ দল আৰু জিলা কংগ্ৰেছৰ তৰফৰ পৰা প্ৰেৰণ কৰা প্ৰেছ বার্তাটো এই ঘটনাক গৰিহণা দিয়াৰ লগতে দুষীক আইনী শাস্তিৰ দাবী জনায় ।

No comments