Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আন্ত:ৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাত পল্লবী চহৰীয়া, কন্যা কাশ্যপৰ খিতাপ

গণ বাৰ্তা, চেঙা, ২ ফেব্ৰুৱাৰী:  গুৱাহাটী জিলা পুথিভঁৰালত অলপতে নাৰী শক্তি অসমে অনুষ্ঠিত কৰা আন্ত:ৰাষ্ট্ৰীয় শিশু,যুৱতী,মহিলা,পুৰুষ প্ৰতিযোগিত...


গণ বাৰ্তা, চেঙা, ২ ফেব্ৰুৱাৰী: গুৱাহাটী জিলা পুথিভঁৰালত অলপতে নাৰী শক্তি অসমে অনুষ্ঠিত কৰা আন্ত:ৰাষ্ট্ৰীয় শিশু,যুৱতী,মহিলা,পুৰুষ প্ৰতিযোগিতাৰ মহিলা প্ৰতিযোগিতাত শীৰ্ষ পাঁচজনীৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ পল্লবী চহৰীয়া কলিতাই ৷ যোৱা ২৩ জানুৱাৰীত গুৱাহাটী জিলা পুথিভঁৰালত নাৰী শক্তি অসমে অনুষ্ঠিত কৰা ‘আন্ত:ৰাষ্ট্ৰীয় গ্লোৱেল ষ্টাৰ আইকন' সৌন্দৰ্য  প্ৰতিযোগিতাত গুৱাহাটীৰ লখৰা নিৱাসী পল্লৱী চহৰীয়া কলিতাই অংশগ্ৰহণ কৰি মহিলা সৌন্দৰ্য প্ৰতিযোগিতাৰ দ্বিতীয় গ্ৰুপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ মহিলা সৌন্দৰ্য প্ৰতিযোগিতাত গুৱাহাটীকে ধৰি ৰাজ্যখনৰ মুঠ ২৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ৷ ইপিনে শিশু প্ৰতিযোগিতাত গুৱাহাটীৰ কন্যা কাশ্যপে অংশগ্ৰহণ কৰি Brand Ambassador নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে ৷ মনকৰিবলগীয়া যে পল্লৱী কলিতা আৰু কন্যা কাশ্যাপ মাতৃ-কন্যা ৷ উল্লেখ্য যে পল্লৱী চহৰীয়া কলিতাই ইয়াৰ পূৰ্বেও সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শীৰ্ষ স্থানত উপনীত হৈছিল ৷ পল্লৱী কলিতা সুদক্ষ আৰক্ষী বিষয়া তথা মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ সহঃধৰ্মিনী ৷

No comments