Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিতকুছিত প্রধানমন্ত্রী কৌশল বিকাশ যোজনাৰ প্ৰশিক্ষণৰ সামৰণি

গণ বাৰ্তা, বাইহাটা চাৰিআলি,২৫ ফেব্ৰুৱাৰী :  কামৰূপ জিলাৰ দুমুনিচকীৰ ওচৰৰ তিতকুছিত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত আৰম্ভ হোৱা তিনি দিনী...


গণ বাৰ্তা, বাইহাটা চাৰিআলি,২৫ ফেব্ৰুৱাৰী
কামৰূপ জিলাৰ দুমুনিচকীৰ ওচৰৰ তিতকুছিত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত আৰম্ভ হোৱা তিনি দিনীয়া প্ৰশিক্ষণৰ আজি সামৰনি পৰে।প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা তিতকুছি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ দুশ মহিলাক প্ৰশিক্ষণ শেষ কৰাত একোখন প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।লগতে দিয়া হয় কিছু জলপানি ।তিতকুছি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা সামৰনি পৰ্বত যব হাট(Jub hut)নামৰ অনুষ্ঠানটিৰ জৰিয়তে প্ৰশিক্ষণ অংশ লোৱা মহিলা সকলক শুভেচ্ছা জনাই প্ৰমাণ পত্ৰ সমূহ প্ৰদান কৰা হয় ।উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ কৌশল বিকাশ যোজনা আঁচনিৰ অধীনত বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ অন্তৰ্গত তিতকুছি পঞ্চায়তৰ দুশ মহিলা শিপিনীক চৰকাৰী ভাৱে হস্ততাত শিল্পৰ তিনি দিনীয়া প্ৰশিক্ষণ দিয়া হয়।ৰাজ্যৰ অন্যতম বেচৰকাৰী সংস্থা যব হাটৰ উদ্যোগত আৰু ভিলেজ ডেভেলপমেন্ট চছাইটি শিঙাৰপাৰাৰ সহযোগত আয়োজন কৰা প্ৰশিক্ষণৰ বিষয়ে সদৰি কৰি যব হাট নামৰ অনুষ্ঠানটিৰ জ্যেষ্ঠ বিষয়া অলকা পাটোৱাৰীয়ে কয় যে গাঁৱৰ মহিলা সকল আৰ্থিক ভাৱে স্বাবলম্বী হোৱাৰ লক্ষ্যৰে তিতকুছি অঞ্চলত আঁচনি হাতত লোৱা হৈছে ।আমি জানো সকলো মহিলাই কম বেছি পৰিমাণে তাঁত শালত কাপোৰ বব জানিলেও প্ৰশিক্ষণৰ দৰকাৰ আছে ।এই কথা উপলব্ধি কৰি ভিলেজ ডেভেলপমেন্ট চছাইটিৰ সহযোগত দুখীয়া পৰিয়ালৰ মহিলা সকলৰ  তথ্য সংগ্ৰহৰ ওপৰত ভিত্তি কৰি নিৰ্বাচিত মহিলা সকলক প্ৰশিক্ষণ দিয়া হৈছে ।প্ৰশিক্ষণ অংশ লোৱা মহিলা শিপিনী সকলক প্ৰমাণ হিচাপে প্ৰধানমন্ত্ৰীৰ কৌশল বিকাশ যোজনা আঁচনিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি তেখেত সকলক উদগনি দিয়া হয় ।আনকি উক্ত প্ৰমাণ পত্ৰৰ জৰিয়তে মহিলা শিপিনী সকলে ব্যবসায়ী দিশৰ লক্ষ্যৰে বেংকৰ পৰা ঋণ লোৱাৰ সুবিধা আছে ।সামৰনি পৰ্বত যব হাটৰ অন্যতম কৰ্মকৰ্তা প্ৰিয়ংকা কুমাৰ, কংকনা কলিতাৰ উপৰি ভিলেজ ডেভেলপমেন্ট চছাইটিৰ সমন্বয়ক সুৰজিৎ কলিতা আৰু সাধাৰণ সম্পাদক হেমন্ত কুমাৰ শৰ্মা উপস্থিত থাকে ।  

No comments