Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

১১ মাহৰ পিছত ভাৰতত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰম্ভ

চেন্নাই, ৫ ফেব্ৰুৱাৰী: সুদীৰ্ঘ ১১ মাহৰ পিছত আজিৰে পৰা ভাৰতত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰম্ভ হৈছে। চেন্নাইত আজিৰে পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত চাৰ...


চেন্নাই, ৫ ফেব্ৰুৱাৰী: সুদীৰ্ঘ ১১ মাহৰ পিছত আজিৰে পৰা ভাৰতত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰম্ভ হৈছে। চেন্নাইত আজিৰে পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত চাৰিখন মেচৰ টেষ্ট ছিৰিজ আৰম্ভ হয়। ছিৰিজৰ প্ৰথমখন দৰ্শকৰ উপস্থিতি অবিহনে অনুষ্ঠিত হয়। ইয়াৰ পিছৰখন টেষ্টত ৫০ শতাংশ দৰ্শক উপস্থিতিৰ অনুমতি দিছে। দ্বিতীয়খন টেষ্টতো চেন্নাইতে আয়োজন হ'ব । উল্লেখ্য যে কোৰোনা মহামাৰীৰ  ভয়াৱহ প্রাদুর্ভাৱৰ বাবে বিগত প্রায় ১১ মাহ ধৰি ভাৰতত অনুষ্ঠিত হোৱা নাছিল কোনোধৰণৰ আন্তঃৰাষ্ট্রীয় ক্রিকেট প্ৰতিযোগিতা ৷ স্তব্ধ হৈ থকা ভাৰতীয় ক্রীড়াক্ষেত্রখন আজিৰে পৰা পুনৰ মুকলি হ’ব৷ যাৰ বাবে ভাৰতৰ ক্ৰিকেট প্ৰেমী সকল অধীৰ আগ্ৰহৰে অপেক্ষাৰত হৈ আছিল। ভাৰত আৰু ইংলেণ্ডৰ মাজত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হোৱা প্রথম টেষ্টৰ জৰিয়তে সুদীর্ঘ ১১ মাহৰ পিছত আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিবেশ ঘূৰাই আনে। উল্লেখ্য যে ২০২০ৰ মার্চত অন্তিমটো দল হিচাপে ভাৰত ভ্রমণলৈ আহিছিল দক্ষিণ আফ্রিকা৷ দুয়োটা দলে তিনিখন মেচৰ এদিনীয়া শৃংখলাত ভাগ লোৱাৰ কথা আছিল যদিও ক’ভিডৰ সংক্রমণৰ বাবে সম্ভৱ নহ’ল৷ ধৰমশালাত বৰষুণৰ বাবে প্রথমখন এদিনীয়া পৰিত্যক্ত হোৱাৰ পিছতে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে দেশত ক্রমাৎ বৃদ্ধি হোৱা ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শৃংখলাটো স্থগিত ৰাখিছিল৷ ইয়াৰ পিছতে আৰম্ভ হোৱা লকডাউনত ক্রিকেটাৰসকল ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হয়৷ ছেপ্ঢেম্বৰত আই পি এল খেলিবলৈ টীম ইণ্ডিয়াৰ তাৰকাসকল ইউনাইটেড আৰব এমিৰেটছলৈ উৰা মাৰে৷ ইয়াৰ পিছতে অষ্ট্রেলিয়াত শেহতীয়াকৈ ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰি দলটো দেশলৈ উভতি আহে আৰু আজিৰে পৰা ইংলেণ্ডৰ বিৰুদ্ধে চাৰিখন মেচৰ টেষ্ট খেলাত ব্যস্ত হৈ পৰিছে।

No comments