Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিধানসভাৰ নির্বাচনৰ প্ৰাকমুহূৰ্তত বটদ্ৰৱাত বিধায়িকা আঙুৰলতাৰ আধাৰশিলাৰ চমক

  গণ বাৰ্তা, ধিং, ৩ ফেব্ৰুৱাৰী : সমাগত বিধানসভা নির্বাচন । ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ । আৰম্ভ হৈছে  ৰাজনৈতিক দল সমুহৰ মাজত বোকা ছটিওৱা ...


 গণ বাৰ্তা, ধিং, ৩ ফেব্ৰুৱাৰী : সমাগত বিধানসভা নির্বাচন । ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ । আৰম্ভ হৈছে  ৰাজনৈতিক দল সমুহৰ মাজত বোকা ছটিওৱা ৰাজনীতি । বটদ্ৰৱা বিধানসভা সমষ্টিতো পুনৰ উদ্ধাৰৰ বাবে উঠি পৰি লাগিছে বৰ্তমানৰ বিধায়িকা আঙুৰলতা ডেকা । পিছে ৰাইজৰ পূৰ্ব্বৰ আস্থা অটুত আছেনে বিধায়িকা  আঙুৰলতাৰ  ওপৰত ? কি হব এইবাৰ বটদ্ৰৱা সমষ্টিৰ ৰাজনৈতিক প্রেক্ষাপট ? বৰ্তমান সমষ্টিৰ ঠায়ে কৰি কৰি যোৱা আঙুৰলতাৰ আধাৰশিলাই ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হবনে ? ইতিমধ্যে এইসমূহ প্ৰশ্নই বটদ্ৰৱাৰ ৰাজনৈতিক মহলত বিশেষভাৱে চৰ্চা লাভ কৰিছে । কিয়নো ৰাজ্যৰ অন্যান্য সমষ্টিৰ তুলনাত বটদ্ৰৱা সমষ্টিত তীব্ৰ গতিত বলিছে নিৰ্বাচনৰ গৰম বতাহ । ৰাজ্যৰ প্ৰতিটো সমষ্টিয়ে সমষ্টিয়ে সকলো ৰজনৈতিক দলৰ নেতাই ইতিমধ্যে আৰম্ভ কৰিছে নিজৰ নিজৰ প্ৰচাৰ অভিযান । কোনোৱে যদি গীত গাই ভোটাৰ মন জয় কৰিবলৈ সক্ষম হৈছে কোনোৱে আকৌ ঘৰে ঘৰে গৈ খা-খবৰ লৈ নিজৰ ভোট বেংক সবল কৰিবলৈ সাজু হৈছে । পিছে বটদ্ৰৱা সমষ্টিত এইবাৰ বিধায়িকা আঙুৰলতা ডেকাক দেখিবলৈ পোৱা গ'ল এক ব্যতিক্রমী ৰূপত । এইবাৰ নৃত্য গীত প্ৰদৰ্শন কৰি নহয় । এইবাৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই সমষ্টিত আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । বুধবাৰে দিনটোতেও বটদ্ৰৱা সমষ্টিৰ ধিঙত "অসম লোক নিৰ্মাণ (পথ) বিভাগৰ তত্বাৱধানত ৰাজ্যৰ স্ব-শিতানৰ অগ্রাধিকাৰ  দাবী অনুমোদিত আচঁনি (SOPD-G, MUNICIPAL) ২০২০-২১ বৰ্ষৰ অধীনত নিৰ্মাণ হব লগা চাৰিটাকৈ পথৰ আধাৰশিলা স্থাপন কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতাই । কিন্তু তাৰ মাজতেই সদা ব্যতিক্ৰম আঙুৰলতা ডেকাক আধাৰশিলাৰ মাজতেই বিশেষভাৱে সক্ষম এগৰাকী যুৱতীৰ লগত বাৰ্তালাপ কৰি বুজ লয় । অকল এয়াই নহয়, বিধায়িকা আঙুৰলতাই যুৱতীগৰাকীক নিজৰ ডিঙিৰ গামোচাখন পিন্ধাই দি আকোঁৱালি লোৱা দেখিবলৈ পোৱা যায় ৷ সেইয়া যি কি নহওক পিছে ব্যতিক্ৰমী আঙুৰলতাৰ ২০২১ ৰ নিৰ্ব্বাচন কিমান মসৃন হ'ব সেইয়া অপেক্ষা কৰিব লাগিব নিৰ্ব্বাচনৰ ফলাফললৈ ৷ 

No comments