আৰিফ আহমেদ,তামুলপুৰ,৩ ফেব্ৰুৱাৰী: সীমা সুৰক্ষা বলৰ প্ৰশংসনীয় পদক্ষেপ। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বিমলানগৰত এছ এছ বীৰ ২৪ বাহিনী ৰঙিয়া কোম্...
আৰিফ আহমেদ,তামুলপুৰ,৩ ফেব্ৰুৱাৰী: সীমা সুৰক্ষা বলৰ প্ৰশংসনীয় পদক্ষেপ। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বিমলানগৰত এছ এছ বীৰ ২৪ বাহিনী ৰঙিয়া কোম্পানীৰ দ্বাৰা সীমান্তত বসবাস কৰা লোকক বিভিন্ন সামগ্ৰী বিতৰণ। সীমান্তত বসবাস কৰা পিছপৰা খেতিয়ক সকলক বিভিন্ন ধৰণৰ বীজ, স্প্রে মেছিন,দা,কোঠাৰ, কাঁচি আদি এই ধৰণৰ বস্তু বিতৰণ কৰাৰ লগতেএই সমূহ অঞ্চলত বসবাস কৰা লোক সকলক স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি হেণ্ড ৱাছ, চাবোন, উন্নত মানৰ ঝাড়ু, ফেনাইল, আদি বহুতো বস্তু বিতৰণ কৰে। নাগৰিক কল্যান কাৰ্যসূচীৰ অন্তৰ্গত কভিড ১৯ মহামাৰী আৰু স্বচ্ছতাৰ প্ৰতি লক্ষ ৰাখি সীমা সুৰক্ষা বলৰ ২৪ বাহিনীৰ কামাণ্ডেণ্ট পংকজ শৰ্মাৰ দ্বাৰা আজি তামুলপুৰৰ বিমলানগৰ গাওঁত দৰিদ্ৰ লোকক এই সমূহ সামগ্ৰী বিতৰণ কৰা হয়।
No comments