নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী: এবছৰৰ পিছত ভাৰতীয় পুৰুষ হকী দলটোৱে বিদেশ ভ্ৰমণলৈ সাজু হৈছে। ভাৰতে অহা ২১ ফেব্ৰুৱাৰীত ইউৰোপ ভ্ৰমণলৈ যাব, য'ত ...
নতুন দিল্লী, ২০ ফেব্ৰুৱাৰী: এবছৰৰ পিছত ভাৰতীয় পুৰুষ হকী দলটোৱে বিদেশ ভ্ৰমণলৈ সাজু হৈছে। ভাৰতে অহা ২১ ফেব্ৰুৱাৰীত ইউৰোপ ভ্ৰমণলৈ যাব, য'ত ভাৰতীয় হকী দকটোৱে জাৰ্মানী আৰু ব্ৰিটেইনৰ দৰে দলৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব। এই ভ্ৰমণসূচী ১৭ দিনীয়া হ'ব। ইউৰোপলৈ বুলি ভাৰতীয় দলটোৰ ২২ খেলুৱৈ কাইলৈ উৰা মাৰিব। সকলো বেংগালুৰুৰ পৰা জাৰ্মানীলৈ বুলি উৰা মাৰিব। ভাৰতীয় হকী দলটোৱে ২০২০ৰ ফেব্ৰুৱাৰীত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। ভাৰতে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ ভূৱেনশ্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল। য'ত ভাৰতে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছিল আৰু বিশ্ব ৰেংকিঙৰ চতুৰ্থ স্থান নিশ্চিত কৰিছিল। বৰ্তমানো ভাৰতীয় দলটো চতুৰ্থ স্থানত আছে। ইউৰোপ ভ্ৰমণকালত ভাৰতীয় দলটোৱে ২৮ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ ক্ৰেফেল্ডত জাৰ্মানীৰ বিৰুদ্ধে মুখামুখি হ'ব। ইয়াৰ পিছত ভাৰতে বেলজিয়াম ভ্ৰমণ কৰিব। য'ত ছয় আৰু আঠ মাৰ্চত ব্ৰিটেইনৰ বিৰুদ্ধে খেলিব। ইয়াৰ বাবে ভাৰতীয় দলটোৱে কোৰোনা মহামাৰীৰ পিছত বেংগালুৰুস্থিত সাই চেণ্টাৰত অনুশীলন চলাই আছিল।
No comments