Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সদৌ অসম কবি মঞ্চৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আৰু "কাব্যগন্ধী আবেলি" শীৰ্ষক অনুষ্ঠান সম্পন্ন

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী : সদৌ অসম কবি মঞ্চৰ অন্যতম শাখা কাহিলিপাৰা শাখা কবি মঞ্চৰ উদ্যোগত কাহিলিপাৰা জাতীয় বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায়...


গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী
: সদৌ অসম কবি মঞ্চৰ অন্যতম শাখা কাহিলিপাৰা শাখা কবি মঞ্চৰ উদ্যোগত কাহিলিপাৰা জাতীয় বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈ যায় কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা আৰু "সেউজীয়া দেশৰ কবি" "ৰাম গোস্বামী"ৰ সোঁ‌ৱৰণত "কাব্যগন্ধী আবেলি" শীৰ্ষক অনুষ্ঠান৷ এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে সদৌ অসম কবি মঞ্চৰ সভাপতি অনুপ কুমাৰ তালুকদৰে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম কবি মঞ্চৰ সম্পাদক উজ্জ্বল ডেকাই৷ কবি জিতু কাঞ্চনে আঁত ধৰা অনুষ্ঠাটোত কবিসকলে সদৌ অসম কবি মঞ্চৰ উত্তৰোত্তৰৰ বাবে গঠনমূলক ভাষণ আগবঢ়ায়৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ শতাধিক কবিয়ে ভাগ লোৱা অনুষ্ঠানটিত "কাব্যগন্ধী আবেলি’ত কবিসকলে কবিতা পাঠ কৰাৰ লগতে গীতে-মাতে মুখৰ হৈ পৰে অনুষ্ঠানটো৷ অনুষ্ঠানত কবি স্বৰ্ণলতা দাসে সম্পাদনা কৰা কবিতা পুথি "স্পন্দন" এই অনুষ্ঠানতে উন্মোচন কৰা হয়৷ কবিতা পুথিখন উন্মোচন কৰে বিস্ময় আৰু প্ৰিয় সখীৰ সম্পাদক শশী ফুকনে৷ অনুষ্ঠানত সদৌ অসম কবি মঞ্চৰ উপ-সভাপতি বিতুমণি গোস্বামীৰ দ্বাৰা ৰচিত আৰু সোৰাৰোপিত কাহিলিপাৰা শাখা কবি মঞ্চৰ সদস্যসকলে কণ্ঠদান কৰা সদৌ অসম কবি মঞ্চৰ গীতটিও পৰিৱেশন কৰোৱা হয়৷ 'তোৰে মোৰে আলোকৰে যাত্ৰা" গীতটোৰে আৰম্ভ হোৱা অনুষ্ঠানটি অসমৰ জাতীয় সংগীতেৰে সামৰা হয়৷ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় কবি সোণাৰাম ৰাজবংশীয়ে৷

No comments