Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নাজিৰাত চ্যুকাফাৰ প্ৰতিমূৰ্তি উদ্বোধন মন্ত্ৰী ড° হিমন্তবিশ্বৰ

গণবাৰ্তা নাজিৰা,২৬ ফেব্ৰুৱাৰীঃ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বোচ্চ উচ্চতাৰ স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ নাজিৰাৰ টাই আহোম ছাত্ৰ সন...


গণবাৰ্তা নাজিৰা,২৬ ফেব্ৰুৱাৰীঃ
উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বোচ্চ উচ্চতাৰ স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ নাজিৰাৰ টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত ৰাজ্য চৰকাৰৰ কেবিনেটৰ বিত্ত,স্বাস্থ্য,শিক্ষা তথা লোকনিৰ্মাণ দপ্তৰৰ মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই উদ্বোধন কৰে৷ উল্লেখ্য যে ৭ বছৰৰ অন্তত ৭৫ ফুুট উচ্চতাৰ প্ৰতিমূৰ্তিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এই মহান কৰ্মভাগি ৰাইজৰ বাবে উৎসৰ্গিত হৈছে৷প্ৰায় ১০ সহস্ৰাধিক লোকৰ উপস্থিতিত মন্ত্ৰীজনে এই প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন কৰে৷সভাত উপস্থিত থাকে সাংসদদ্বয় ক্ৰমে তপন গগৈ,কামাখ্যা প্ৰসাদ তাছা,মন্ত্ৰী যোগেন মহন,টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ লিটুল বুঢ়াগোহাঁই,প্ৰাক্তন আটাছুৰ সম্পাদক ময়ুৰ বৰগোহাঁই,বসন্ত গগৈ আদি উপস্থিত থাকে ৷অনুষ্ঠিত সভাত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বৰ অসম গঢ়াৰ বাবে সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীক একত্ৰিত হৈ দৃঢ় সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়৷

No comments