Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিব্ৰুগড় বন বিভাগৰ প্ৰশংসনীয় পদক্ষেপ; জকাই "সাহিত্য মনীষী উপবন" ৰ শুভ উদ্বোধন অনুষ্ঠান সম্পন্ন

 গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০৯ ফেব্ৰুৱাৰী : "এজোপা গছ কাটি ঘৰ বন্ধাৰ সমান ডাঙৰ পাপ আৰু নাই।গছবোৰ কাটি কাটি ডাঙৰ বিল্ডিং বোৰ জিলিকাই দূৰ...


 গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০৯ ফেব্ৰুৱাৰী : "এজোপা গছ কাটি ঘৰ বন্ধাৰ সমান ডাঙৰ পাপ আৰু নাই।গছবোৰ কাটি কাটি ডাঙৰ বিল্ডিং বোৰ জিলিকাই দূৰৰ পৰা সৌটো মোৰ ঘৰ বুলি পৰিচয় দিয়াতকৈ, অমুক গছজোপাৰ কাষতে আমাৰ ঘৰ বুলি ক'ব পৰাটোহে গৌৰৱৰ বিষয় " ভাষণ প্ৰসঙ্গত এইদৰে মন্তব্য কৰিলে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। সোমবাৰে ডিব্ৰুগড় বন সংমণ্ডলৰ ডিব্ৰুগড় আঞ্চলিক বন কাৰ্যালয়ৰ জকাই খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সৌজন্যত জকাই সাহিত্য মনীষী উপবনৰ শুভ উদ্বোধন অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰাৰ পাছতেই স্হানীয় বিধায়ক চক্ৰধৰ গগৈয়ে উপবনৰ ফিটাকাটি বৃক্ষৰোপন কাৰ্যসূচী সম্পন্ন কৰে ।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি " সাহিত্য মনীষী উপবন" ৰ পৰা ৰাইজ কি দৰে উপকৃত হ'ব তাৰ বিশদ বিৱৰণ ডাঙি ধৰে ডিব্ৰুগড় জিলাৰ সহকাৰী বন সংৰক্ষক গোলাপ কুমাৰ বনিয়াই । সাহিত্যিক সকলক সন্মান জনাই তেওঁলোকৰ বাবে উৎসৰ্গিত এই জৈৱ বৈচিত্ৰ উদ্যানখনিয়ে অনাগত দিনত বিশেষ তাৎপৰ্য বহন কৰিব বুলি ৰাইজ আশাবাদী । এই উপবন খনিত ৩ হেক্টৰ মাটিত প্ৰায় ১০০০ তকৈয়ো অধিক গছ ইতিমধ্যে ৰোপন কৰা হৈছে। তাৰ ভিতৰত ১৫ বিধ ঔষধী গছো আছে । বিভিন্ন প্ৰজাতিৰ লতা, ফল-মূলৰ গছ, ফুলেৰে নিৰ্মাণ কৰা হৈছে উপবনখনি। উল্লেখ্য যে ভৱিষ্যতে এই উপবন খনিত এটি পুথিভঁৰাল স্থাপন কৰা হ'ব যাতে বৃক্ষ আৰু সাহিত্যিক সকলৰ মাজত এটা সুসমন্বয় গঢ়ি উঠে। বৰ্তমান দ্ৰুতগতিত বৃদ্ধি পোৱা বনাঞ্চল ধ্বংসৰ বিপৰীতে এই উপবনক যাতে অক্সিজেনৰ ভাণ্ডাৰ হিচাপে গঢ়ি তুলিব পাৰে , লগতে মানুহক বৃক্ষ ৰোপনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰো লক্ষ্য ৰাখিব বুলি জকাই খণ্ড বন বিষয়া দ্বিজেন নেওগে জনায়।

            উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থকা ক্ৰমে স্থানীয় বিধায়ক চক্ৰধৰ গগৈ, ড০ সত্যেন্দ্ৰ সিং ( মুখ্য বন সংৰক্ষক ৰাজ্যিক ক্ষতিপূৰণ বনানিকৰণ পুজি পৰিচালনা আৰু পৰিকল্পনা কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া), তৰুণ গগৈ (অৱসৰপ্ৰাপ্ত বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া), গৌৰী শইকীয়া ( সাহিত্যিক পেঞ্চনাৰ, ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী), প্ৰাঞ্জল বৰুৱা ( বনাঞ্চলিক বিষয়া, ডিব্ৰুগড়) আদিয়ে ভাষণ প্ৰসঙ্গত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। 

No comments