Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগাসনত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে শিৱসাগৰৰ জোনমণি গগৈ

গণবাৰ্তা, বেতবাৰী, ১১ ফ্ৰেব্ৰুৱাৰীঃ যোগাসন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰৰ্যায়ত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে শিৱসাগৰৰ জোনমণি গগৈয়...


গণবাৰ্তা, বেতবাৰী, ১১ ফ্ৰেব্ৰুৱাৰীঃ যোগাসন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰৰ্যায়ত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে শিৱসাগৰৰ জোনমণি গগৈয়ে ৷ শিৱসাগৰ জিলাৰ চেৰেকাপাৰ নিবাসী বিপুল কুমাৰ গগৈ আৰু দীপামনি গগৈৰ জেষ্ঠ কণ্যা জোনমণি গগৈয়ে যোৱা ডিচেম্বৰত “প্ৰসাৰিতা পাদৌতানাসন“ নামৰ যোগাসনটি একেৰাহে ২৫ মিনিট ১ ছেকেণ্ড কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে ৷ যোৱা ডিচেম্বৰৰ ২৯ তাৰিখে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ কৰ্তৃপক্ষই জোনমণিক প্ৰদান কৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ বঁটা ৷ ইয়াৰ উপৰি অখিল ভাৰতীয় যোগ মহাসংঘই এই বৰ্ষত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা “সূৰ্য নমস্কাৰ ছেম্পিয়নশ্বিপ“ৰ প্ৰতিযোগিতাত একেৰাহে ৫৬০ বাৰ সূৰ্য নমস্কাৰ কৰি অখিল ভাৰতীয় যোগ মহাসংঘৰ বেষ্ট টাইটেল এৱাৰ্ড - “সূৰ্য্য-পুত্ৰী“ উপাধি লাভ কৰিলৈ সক্ষম হয় জোনমণিয়ে ৷ ইয়াৰ পূৰ্বেও বিগত ২০২০ বৰ্ষত লকডাউনৰ সমছোৱাত অনলাইন যোগে অনুষ্ঠিত যোগাসন প্ৰতিযোগিতাত “শলাসন“ নামৰ আসনটি একেৰাহে ৩০ মিনিট ৫ ছেকেণ্ড কৰি বিশ্ব অভিলেখ গঢ়াৰ লগতে অনলাইনতে অনুষ্ঠিত ’অনলাইন এচিয়ান যোগ চেম্পিয়নশ্বিপ’তো এচিয়াৰ ভিতৰত প্ৰথম হ’বলৈ সক্ষম হৈছিল জোনমণি গগৈয়ে ৷ জোনমণি গগৈৰ এই সফলতাই শিৱসাগৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ যোগাসন প্ৰতিযোগিতাৰ লগতে যোগ চৰ্চা ক্ষেত্ৰখনত এতিয়া প্ৰেৰণা হৈ পৰিছে শিৱসাগৰৰ চেৰেকাপাৰৰ জোনমণি গগৈ ৷

No comments