গণ বাৰ্তা লামডিং ২৫ ফেব্ৰুৱাৰী : আগন্ত বিধান সভাৰ ২০২১ নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই বিভিন্ন দল সমূহে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ আৰু নতু...
গণ বাৰ্তা লামডিং ২৫ ফেব্ৰুৱাৰী: আগন্ত বিধান সভাৰ ২০২১ নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই বিভিন্ন দল সমূহে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ আৰু নতুন নতুন কামৰ শুভ উদ্বোধনী। তাৰ সমান্তৰাল কৈ হোজাই জিলাৰ লামডিং সমষ্টিৰ বিজেপি বিধায়ক শিৱু মিশ্ৰ পিছ পৰা নাই। লামডিং কলিবৰী পৰা কলিবাৰি পুকুৰ পাৰ নতুন ৰাস্তাৰ শিলান্যাস আৰু লামডিং মেস্তেৰী পট্টিৰ দুৰ্গা মন্দিৰৰ পৰা মধ্য বজাৰ দুৰ্গা মন্দিৰৰ ৰাস্তাৰ কামৰ লগতে লামডিং চিভিল হস্পিটেল মডাৰ্ণ টইলেট,সুভাষ পল্লীৰ নতুন কলভাৰ্ট,দক্ষিণ লামডিং নতুন ইলেকট্ৰিক ট্ৰণস্ফৰ্মৰ আদিকে ধৰি লামডিংৰ বিভিন্ন অঞ্চলত নতুন পকা ৰাস্তা আৰু পকা দলংৰ শুভ উদ্বোধনী কৰে। এই সভাত উপস্থিত আছিল দেবাশিস গুপ্ত সভাপতি লামডিং টাউন মন্ডল লগতে বিজেপি মহিলা মৰ্চাৰ বিভিন্ন সদস্য আৰু লামডিং বিজেপি ৰ বিভিন্ন কৰ্মকৰ্তা ।
No comments