Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চিৰাঙত অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; ২২ টা গৰু -মহ সহ ১৪ চকীয়া ট্ৰাক জব্দ; গ্ৰেপ্তাৰ তিনি

সঞ্জয় সৰকাৰ , কাজলগাঁও , ২৩ ফেব্ৰুৱাৰী: চিৰাঙত অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই বৃহৎ সংখ্যক গৰু মহ সহ তিনি গৰাকী ব্যক্তিক ...


সঞ্জয় সৰকাৰ , কাজলগাঁও , ২৩ ফেব্ৰুৱাৰী: চিৰাঙত অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই বৃহৎ সংখ্যক গৰু মহ সহ তিনি গৰাকী ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে । আৰক্ষীৰ এই অভিযান সন্দৰ্ভত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে , এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৱা নিশা জিলাখনৰ চিদলী থানাৰ অন্তৰ্গত চম্পা বজাৰৰ কাষত ৩১ নং(চি) ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচি অভিযানত কোকৰাঝাৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এ এছ - ০১ এল চি - ৯৪১১ নম্বৰৰ ১৪ চকীয়া গাড়ীখনত উপযুক্ত নথি পত্ৰ বিহীন ১৫ টা ষাঁড় গৰু আৰু ৭ টা মহ জব্দ কৰে । লগতে আৰক্ষীৰ অভিযানকাৰী দলটোৱে উক্ত গৰু মহ সৰবৰাহ কাণ্ডত জড়িত ৩ গৰাকী ব্যক্তিক আটক কৰে । আটকাধীন ব্যক্তিসকলক আৰক্ষীয়ে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও থানাৰ অন্তৰ্গত ১ নং শিমলটাপু গাঁৱৰ জহেৰ আলীৰ পুত্ৰ আমজাদ আলী (২৮) , ৩ নং শিমলটাপু গাঁৱৰ আব্দুল ৰছিদ শেখৰ পুত্ৰ তাহেৰ আলী সেখ (২৮) আৰু একেখন গাঁৱৰে হুচেন মোল্লাৰ পুত্ৰ ছফিয়ান মোল্লা (৪০) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে । উক্ত অবৈধ পশুধন সৰবৰাহ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । 

No comments