Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ জয় নিউজিলেণ্ডৰ

ক্ৰিষ্টচাৰ্ছ, ২৫ফেব্ৰুৱাৰী : অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত চলি থকা পাঁচখন মেচৰ টি-২০ ছিৰিজৰ দ্বিতীয়খনতো ঘৰুৱা দলটোৱে জয় লাভ কৰিছে আৰু ছিৰ...


ক্ৰিষ্টচাৰ্ছ, ২৫ফেব্ৰুৱাৰী
: অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত চলি থকা পাঁচখন মেচৰ টি-২০ ছিৰিজৰ দ্বিতীয়খনতো ঘৰুৱা দলটোৱে জয় লাভ কৰিছে আৰু ছিৰিজত ২-০ৰ অগ্ৰগতিত আছে। আজি অনুষ্ঠিত হোৱা ছিৰিজৰ দ্বিতীয়খন মেচত নিউজিলেণ্ডে।প্ৰতিদ্বন্দী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চাৰি ৰানৰ ব্যৱধানত জয় লাভ কৰে। ক্ৰিষ্টচাৰ্ছত অনুষ্ঠিত হোৱা মেচখনত টছত জয় লাভ কৰি অষ্ট্ৰেলিয়াই বলিং কৰাৰ সিদ্ধান্ত লয়। নিউজিলেণ্ডে প্ৰথমে বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত ২০ অভাৰত সাতটা উইকেট হেৰুৱাই ২১৯ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ মাৰ্টিন গুপ্তিলে দুৰ্দান্ত বেটিং প্ৰদৰ্শন দাঙি ধৰি ৫০ বলত সৰ্বাধিক ৯৭ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কেন উইলিয়ামছনে ৩৫বলত ৫৩ আৰু জমেছ নিছামে অপৰাজিত থাকি ১৬বলত ৪৫ৰান অর্জন কৰে। অষ্ট্ৰেলিয়াৰ হৈ কেন ৰিচাৰ্ডছনে চাৰি অভাৰত ৪৩ৰান হেৰুৱাই তিনিটা উইকেট দখল কৰে। মেচখনত জয়ৰ বাবে নিউজিলেণ্ডে বান্ধি দিয়া ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা অষ্ট্ৰেলিয়া দলটোৱে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২১৫ৰানহে অর্জন কৰে। ফলত চাৰি ৰানৰ ব্যৱধানত মেচখনত পৰাস্ত হয়। দলটোৰ হৈ মাৰ্কিউচ্ ষ্টিনিছে সৰ্বাধিক ৩৭বলত ৭৮ ৰান, জছ ফিলিপে ৩২বলত ৪৫ আৰু ডনিয়েল চমছে ১৫বলত ৪১ৰান অর্জন কৰে। নিউজিলেণ্ডৰ হৈ মিচেল চেন্টনেৰে চাৰি অভাৰত ৩১ৰান হেৰুৱাই চাৰিটা উইকেট দখল কৰে। উল্লেখ্য যে আজিৰ মেচখনত দুয়োটা দলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে।  

No comments