Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকাই কাকডোঙাত স্থাপন কৰিলে তিনিটা পথৰ শিলান্যাস

ৰুবুল শইকীয়া, দেৰগাঁও, ২০ ফেব্ৰুৱাৰীঃ দেৰগাঁও সমষ্টিৰ  দক্ষিণ পূব কাকডোঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত তিনিটা পথৰ শিলান্যাস স্থাপন কৰে দেৰগাঁও সম...


ৰুবুল শইকীয়া, দেৰগাঁও, ২০ ফেব্ৰুৱাৰীঃ
দেৰগাঁও সমষ্টিৰ  দক্ষিণ পূব কাকডোঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত তিনিটা পথৰ শিলান্যাস স্থাপন কৰে দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকাই।অসম চৰকাৰৰ SOPD পূজিৰে নিৰ্মাণ কৰিবলগীয়া কাকডোঙা মহিমা চাবুকধৰা সংযোগী পথ, চাবুকধৰা বেজগাঁও সংযোগী পথ, আৰু এনাইঘৰীয়া উজিৰগাঁও সংযোগী পথৰ শিলান্যাসৰ উদ্দেশ্যেই আজি আয়োজিত তিনিওটা অনুষ্ঠানত অঞ্চলটোৰ বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে অলপতে সংবাদমাধ্যমৰ আগত বৰ্তমান অগপৰ দখলত থকা দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে সমাগত বিধানসভা নিৰ্বাচনত দেৰগাঁও সমষ্টিকে ধৰি অগপৰ দখলত থকা কেউটা সমষ্টি বিজেপিয়ে অগপক এৰি নিদিয়ে তেন্তে প্ৰয়োজনত মিত্ৰতা ভংগ হ'ব পাৰে বুলি ব্যক্ত কৰাৰ পাছত বৰ্তমান বিজেপি দলৰ দেৰগাঁও সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী সুশীলা হাজৰিকাৰ এই শিলান্যাস অনুষ্ঠানে নিশ্চয়কৈ তাৎপৰ্য বহন কৰিছে। অন্যহাতে বিগত দীৰ্ঘ দিন ধৰি অঞ্চলটোৰ ৰাইজে বিধস্ত প্ৰায় এই পথ তিনিটা নিৰ্মাণৰ বাবে একাধিকবাৰ বৰ্তমানৰ বিধায়ক গৰাকীক আবেদন জনোৱাৰ পাছতো পথ কেইটা নিৰ্মানৰ ক্ষেত্ৰত কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰাৰ বিপৰীতে প্ৰাক্তন বিধায়িকা গৰাকীৰ এই তৎপৰতাক ৰাইজে ভূূয়সী প্ৰশংসা কৰে।শিলান্যাস কাৰ্যসূচীৰ আৰম্ভনিতে দক্ষিণ পূব কাকডোঙা পঞ্চায়তত বৃহৎ ৰেলীয়ে যোৱা প্ৰাক্তন বিধায়িকা গৰাকীক গায়ন বায়নৰ দলে উষ্ম আদৰণি  জনাই।ইয়াৰ পাছতেই পতানজৰা প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰাংগনত সমাজকৰ্মী ধৰ্মেন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি ৰাজহুৱা সভা।ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন উপ সভাপতি প্ৰীন্স আজিজুল হক, মহিলা মৰ্চাৰ  জিলা কাৰ্যনিৰ্বাহক অনিতা দাস, মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিবাহক ময়ুৰী বৰা,যোৰহাট জিলা বিজেপি মহিলা মৰ্চাৰ উপ সভানেত্রী মঞ্জু দত্ত, গোলাঘাট জিলা বিজেপিৰ প্ৰাক্তণ সভাপতি বেদান্ত বৰ ,কাকডোঙা মণ্ডল বিজেপিৰ সভানেত্রী ৰূপালী বৰা আদি বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰা এই ৰাজহুৱাা সভাত উপস্থিত ৰাইজে আগন্তক বিধান সভা নিৰ্বাচনত  দেৰগাঁও সমষ্টিটো বিজেপিক প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে সজোৰে দাবী জনাই।প্ৰৰণিধানযোগ্য যে, যি সময়ত দেৰগাঁও সমষ্টিৰ গাতে লাগি থকা খুমটাই সমষ্টিৰ বিধায়ক গৰাকীয়ে বাট পথকে ধৰি উন্নয়ন মুলক কাম কাজেৰে সমষ্টি বাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছে সেইসময়ত বৰ্তমানৰ মিত্ৰজোঁটৰ অগপৰ দখলত থকা বিধায়ক গৰাকীৰ বিশেষকৈ বাট পথৰ উন্নয়নত  আউকনীয়া মনোভাৱ আগন্তক নিৰ্বাচনত কাল হৈ দেখা দিব সি নিশ্চিত।ইতিিমধ্যে মিত্ৰজোঁটৰ বিধায়ক গৰাকী থকা অৱস্থাতো প্ৰাক্তন বিধায়িকা তথা বিজেপি ৰাজ্যিক কাৰ্য্যনিৰ্বাহক গৰাকীৰ এই শিলান্যাস অনুষ্ঠানে তাকেই প্ৰতিপন্ন কৰিছে।

Attachments area

No comments