Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শিৱসাগৰৰ দিচাং ঘাটত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দাউ দাউকৈ জ্বলিল যাত্ৰীবাহী বাছ

গণবাৰ্তা, বেতবাৰী ২০ ফ্ৰেব্ৰুৱাৰীঃ শনিবাৰে ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখী AS 05 C 6564 নম্বৰৰ কনকজ্যোতি নামৰ এখন যাত্ৰীবাহী আল্ট্ৰা বাছ চলন্ত...


গণবাৰ্তা, বেতবাৰী ২০ ফ্ৰেব্ৰুৱাৰীঃ শনিবাৰে ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখী AS 05 C 6564 নম্বৰৰ কনকজ্যোতি নামৰ এখন যাত্ৰীবাহী আল্ট্ৰা বাছ চলন্ত অৱস্থাতে দিচাং দলঙৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত দাউ দাউকৈ জ্বলি উঠে ৷ বাছখনত আহি থকা যাত্ৰী সকলৰ অধিক সংখ্যক যাত্ৰী কম বেছি পৰিমাণে  আঘাট প্ৰাপ্ত হয় যদিও যাত্ৰী সকলে লগত লৈ অনা সা-সামগ্ৰী জু্ইত জাহ যায়। বাছখনত ৫০ জনৰো অধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। যাত্ৰী সকলৰ পৰা পোৱা অভিযোগ অনুসৰি ডিমৌ অঞ্চলতেই যাত্ৰী সকলে বাছৰ ইঞ্জিনৰ পৰা ধোঁৱা ওলোৱা দেখি আৰু তেলৰ গোন্ধ পাই বিপদৰ আগজাননী পাইছিল। কেইবাজনো যাত্ৰীয়ে চালক আৰু হেণ্ডিমেনক অৱগত কৰিছিল যদিও যাত্ৰী সকলৰ কথা আওকাণ কৰি চালকে বাছখন চলাই আহিছিল। বাছখনৰ চালক-হেণ্ডিমেনে যাত্ৰী সকলৰ কথা গুৰুত্ব দিয়া হ’লে এনে ঘটনা সংঘটিত নহল হেতেন ৷ কিছুদিনৰ পূৰ্বে শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰীত চলন্ত এখন ইণ্ডিগ' জ্বলি ছাই হৈ গৈছিল। এতিয়া কনকজ্যোতি নামৰ বাছখন চলন্ত অৱস্থাতে জ্বলি ছাই হৈ যোৱা ঘটনাই বিশেষ তাৎপৰ্যপূৰ্ণ বহন কৰিছে।

No comments