Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হবিব মহাম্মদ চৌধূৰী ফেন ক্লাৱৰ উদ্যোগত ১৫ টা কম্পিউটাৰ, ৫০০ কম্বল বিতৰণ

কফিল বৰভুঞা,হোজাই ৫ ফেব্ৰুৱাৰী:   হোজাইৰ নীলবাগানত হাবিব মহম্মদ চৌধুৰী ফেন ক্লাৱৰ উদ্যোগত কম্পিউটাৰ আৰু কম্বল বিতৰণ কৰা হয় ৷ এই উপলক্ষে হোজা...


কফিল বৰভুঞা,হোজাই ৫ ফেব্ৰুৱাৰী:  হোজাইৰ নীলবাগানত হাবিব মহম্মদ চৌধুৰী ফেন ক্লাৱৰ উদ্যোগত কম্পিউটাৰ আৰু কম্বল বিতৰণ কৰা হয় ৷ এই উপলক্ষে হোজাইৰ নীলবাগান লাটি মাৰ্টৰ ফুড পেলেচৰ সন্মুখত বৃহস্পতিবাৰে সন্ধিয়া আয়োজিত সভাত হবিব মহাম্মদ চৌধূৰী ফেন ক্লাৱৰ শুভ উদ্বোধন কৰা হয় ৷এই সভাত হবিব মহাম্মদ চৌধূৰী ফেন ক্লাৱে ১৫ টা কম্পিউটাৰ আৰু ৫০০ শ দৰিদ্ৰ লোকৰ মাজত কম্বল বিতৰণ কৰে ৷সভাৰ আৰম্ভণিৰ পূৰ্বে বাইক ৰেলী, সাংস্কৃতিক শোভাযাত্ৰাৰে লাউচৰ প্ৰতিষ্টিত ব্যৱসায়ী তথা বৰ্তমান অসমৰ বিভিন্ন জিলাত এক প্ৰকাৰ আলোড়ন সৃষ্টি কৰা হবিব মহাম্মদ চৌধূৰীক আদৰণি জনোৱাৰ লগতে, গামোচা, জাপি, শৰাই, মানপত্ৰ, ফুলৰ থুপা আদিৰে সম্বৰ্ধনা জনোৱা হয় চৌধুৰীক ৷ উক্ত সভাত হাবিব মহাম্মদ চৌধৰীয়ে অতি কম সময়ৰ বিতৰত ফুটবল খেল আয়োজন কৰি সমাপ্ত কৰা নীলবাগান ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক নাজিম উদ্দিনক গামোচা, জাপি, শৰাইৰে সম্বৰ্ধনা জনায়। উল্লেখ্য যে, অসমৰ জাতীয় উৎসৱ বিহু নৃত্যৰে সভাৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ সভাৰ শেষত মুখ্য অতিথি হবিব মহাম্মদ চৌধূৰীয়ে সাংবাদিকৰ আগত কয়- নীলবাগানৰ উদীয়মান যুৱক সকলে মিলি মোৰ নামত ফেন ক্লাৱ গঠন কৰাত মই আনন্দিত হৈছো ৷ আমাৰ ফেন ক্লাৱে বিশেষকৈ পিছপৰা অঞ্চলত শিক্ষাৰ পৰা বঞ্চিত সকলৰ লগতে দৰিদ্ৰ জনসাধাৰণক সহায় সহযোগ কৰি যাব বুলি মন্তব্য কৰি কয়- দুখীয়া ৰাইজৰ সহয়ৰ কাৰণে ফেন ক্লাৱে কাম কৰিব ৷ সাংবাদিকৰ আগত তেওঁ কয় - আপোনালোকৰ মৌলিক অধিকাৰ সৰ্ব নকৰিব নিৰ্বাচন আহিলে 500/1000 টকা পাই ভোট নিদিব আৰু নিজৰ জাতিক বিক্ৰী নকৰিব বুলি মন্তব্য কৰে হবিব মহাম্মদ চৌধূৰীয়ে ৷ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বৰভুঞাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে নৱগঠিত হবিব মহাম্মদ চৌধুৰী ফেনচ ক্লাৱৰ সম্পাদক নুৰুল আমিন বৰভুঞাই ৷ শিক্ষক মস্তুফা আল আমিনে আতধৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লাউচৰ ব্যৱসায়ী হবিব মহাম্মদ চৌধূৰী , আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নীলবাগান ক্ৰীড়া সন্থাৰ সভাপতি তমিজুৰ ৰহমান লস্কৰ, সম্পাদক নাজিম উদ্দিন, অভিযন্তা কমৰ উদ্দিন, আইনুল হক চৌধুৰী, নিউ ষ্টাৰ ক্লাৱৰ কাৰ্যকৰী সভাপতি আমিৰুল ইছলাম, সম্পাদক ৰায়হান আহমেদ চৌধূৰী, হবিব মহাম্মদ চৌধূৰী ফেনচ ক্লাৱৰ মুখ্য উপদেষ্টা মৰতুজা ওৱাৰিছ (টিপ্পু ) , মচৰুৰ আহমেদ চৌধুৰী (ৰুনু) ,আতাউৰ ৰহমান (বাবু) আৰু হবিব মহাম্মদ চৌধূৰী ফেনচ ক্লাৱৰ সভাপতি মনজুৰ হুছাইন বৰভুঞা , মনজুৰুল ইছলাম চৌধুৰী, মেহবুব হুছেইন লস্কৰ সহ সমূহ বিষয়ববীয়া উপস্থিত থাকে ৷উক্ত সভাত নীলবাগানৰ বেচৰকাৰী বিদ্যালয়, ক্ৰীড়া সন্থা, নিউ ষ্টাৰ ক্লাৱ, অসম চেম্বাৰ্চ অফ কমাৰ্চ নীলবাগান শাখাকে ধৰি বিভিন্ন প্ৰতিষ্ঠানত ১৫ টা কম্পিউটাৰ প্ৰদান কৰে হবিব মহাম্মদ চৌধূৰীয়ে ৷ এই সভাৰ লগত সংগতি ৰাখি নীলবাগান অঞ্চলৰ ৫০০ শ দৰিদ্ৰ পৰিয়ালক একোখনকৈ কম্বল বিতৰণ কৰা হয় ৷

No comments