Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চামগুৰিৰ চামধৰা গড় সংৰক্ষনৰ শুভাৰম্ভ মন্ত্ৰী কেশৱ মহন্তৰ

গন বাৰ্তা  চামগুৰি, ২৩ ফেব্ৰুৱাৰী :  নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমনিত ঐতিহাসিক চামধৰা গড়টো  প্ৰত্নতাত্বিক স্হানত স...


গন বাৰ্তা চামগুৰি, ২৩ ফেব্ৰুৱাৰী :  নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমনিত ঐতিহাসিক চামধৰা গড়টো  প্ৰত্নতাত্বিক স্হানত সংৰক্ষণ আৰু উন্নয়নমূলক কামৰ আজি শুভ উদ্বোধন কৰে জলসম্পদ,বিজ্ঞান আৰু প্ৰযুক্তি ,তথ্য প্ৰযুক্তি, সাংস্কৃতিক পৰিক্ৰমা ( প্ৰত্নতত্ত্ব আৰু পুথিভঁৰাল ) বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷ কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি হেমধৰ হাজৰিকাই আঁতধৰা অনুষ্ঠানটোত আদৰনি ভাষন প্ৰদান কৰে প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উপ সঞ্চালিকা ৰঞ্জনা শৰ্মাই ৷ অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকায়ৰ উদ্যোগত আৰু কলিয়াবৰ শাখা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত হোৱা চামধৰা গড়ৰ সংৰক্ষণৰ শুভাৰম্ভ অনুষ্ঠানটোত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি  ভাষণ প্ৰসংগত কয় যে কলিয়াবৰত বহু পুৰণি সম্পদ আছে ৷সেই সম্পদ সমুহ কলিয়াবৰ ৰাইজ আৰু সংগঠন মিলি সংৰক্ষণ কৰিব লাগিব ৷লগতে চামধৰা গড়টো এচাম লোকে বেদখল কৰি অহিছে যদিও সেইয়া সোনকালে বেদখল মুক্ত কৰা হব বুলি উপস্থিত ৰাইজক আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷২০২০-২১ বিত্তীয় বৰ্ষত ১৫ লাখ টকাৰ চৰকাৰী পুজিৰে চামধৰা গড় প্ৰত্নতাত্বিক স্থানত সংৰক্ষণ আৰু উন্নয়নৰ কাম সম্পন্ন কৰা  উক্ত অনুষ্ঠানটোত কলিয়াবৰ মহকুমাৰৰ মহকুমাধিপতি বিতোপন নেওঁগ উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে কলিয়াবৰ মহকুমাৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত পুৰণি মঠ মন্দিৰৰ লগতে বহু পুৰণি সম্পদ আছে গতিকে সেই সমুহ সংৰক্ষণ কৰিবৰ বাবে কলিয়াবৰত এটা মিউজিয়ামৰ প্ৰয়োজন আছে বুলি  উল্লেখ কৰে ৷ আজিৰ উক্ত অনুষ্ঠানটোত উপস্থিত আছিল প্ৰত্নতত্ত্ব বিভাগৰ অতিৰিক্ত সঞ্চালিকা ৰঞ্জনা শৰ্মা, প্ৰত্নতাত্বিক বিভাগৰ অভিযন্ত্ৰা অজিত কুমাৰ বৰা, জ্যেষ্ঠ সংৰক্ষক বিষয়া গিৰিশ বৈশ্য, হেমন্ত কুমাৰ মহন্তৰ লগতে কলিয়াবৰ শাখা সাহিত্য সভাৰ বহু কেইজন বিষয়ববীয়া লগতে বহু কেইজন গন্যমান্য লোক উপস্থিত থাকে  ৷

No comments