সঞ্জীৱ দাস, ভৱানীপুৰ, ১০ ফেব্ৰুৱাৰীঃ "বিজেপি চৰকাৰ অহাৰ পৰা সকলোৱে এতিয়া উন্নয়নৰ বাট দেখিছে। ভৱানীপুৰ সমষ্টিততো বিজেপিয়ে বহুখিনি কাম কৰ...
সঞ্জীৱ দাস, ভৱানীপুৰ, ১০ ফেব্ৰুৱাৰীঃ "বিজেপি চৰকাৰ অহাৰ পৰা সকলোৱে এতিয়া উন্নয়নৰ বাট দেখিছে। ভৱানীপুৰ সমষ্টিততো বিজেপিয়ে বহুখিনি কাম কৰিবলৈ সক্ষম হৈছে।" - আজি ভৱানীপুৰত তিনিটাকৈ শুভাৰম্ভণি অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি অসম কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখপাত্ৰ মনোজ বৰুৱাই এইদৰে কয়। ভৱানীপুৰৰ কলবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কলবাৰী আৰু বাংলীপাৰা গাঁওত দুটাকৈ পকী ৰাস্তাৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰাকে ধৰি ভৱানীপুৰৰ মাহতলীহাটিৰ 'অজয় ডেকাৰ ঘৰৰ পৰা কলেজ ৰোডলৈ যোৱা ৰাস্তাৰ ড্ৰেইন'ৰ কামৰো শুভাৰম্ভণি কৰে মনোজ বৰুৱাই। শুভাৰম্ভণি কৰি সাংবাদিকৰ স'তে হোৱা সাক্ষাতত তেওঁ কয়- "এগৰাকী বিজেপিৰ নিষ্ঠাৱান কৰ্মী হিচাপে দলে যি দায়িত্ব দিয়ে সেয়া পালন কৰি আহিছোঁ, আগলৈও কৰি আহিম। দলে যদি ভৱানীপুৰ বিধানসভা সমষ্টিত টিকট দিয়ে, তেন্তে নিশ্চয় দলৰ কথামতে দায়িত্ব পালন কৰিম।" উল্লেখ্য যে, আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত মনোজ বৰুৱাক সংগ দিয়ে বিজেপিৰ বজালী জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মণ্টু তালুকদাৰ, এছ চি মৰ্চাৰ বজালী জিলা সমিতিৰ সভাপতি নৱ ভৰালী, যুৱ-মৰ্চাৰ ভৱানীপুৰ মণ্ডল সমিতিৰ বনজিৎ মণ্ডল, কলবাৰী গাঁও পঞ্চায়তৰ সভাপতি পুলক বৈশ্য, গলিয়া গাঁও পঞ্চায়তৰ সভাপতি নুৰুল ইছলাম হাজৰিকা, কাউন্সিলৰ নিতুল দাস, ভৱানীপুৰ উচ্চ বালিকা বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক চণ্ডি প্ৰসাদ দাস, সমাজকৰ্মী নিকুঞ্জ দাস, কুমাৰ কৃষ্ণ ডেকাকে ধৰি বহুতো গণ্য-মান্য ব্যক্তিয়ে।
No comments