Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাউলী-আমবাৰী-ফুলকীপাৰা যুৱ সংঘৰ বাৰ্ষিক অধিবেশন সম্পন্ন

গণবাৰ্তা,হাউলী,৩ জানুৱাৰীঃ  বৰপেটা জিলাৰ ঘিলাজাৰী মৌজাৰ অন্তৰ্গত হাউলী-আমবাৰী-ফুলকীপাৰা যুৱ সংঘৰ দ্বিতীয় বাৰ্ষিক অধিবেশন খন মংগলবাৰে এদিনীয়া...


গণবাৰ্তা,হাউলী,৩ জানুৱাৰীঃ বৰপেটা জিলাৰ ঘিলাজাৰী মৌজাৰ অন্তৰ্গত হাউলী-আমবাৰী-ফুলকীপাৰা যুৱ সংঘৰ দ্বিতীয় বাৰ্ষিক অধিবেশন খন মংগলবাৰে এদিনীয়া বিস্তৃত কাৰ্যক্ৰমনিকাৰে আমবাৰীত অনুষ্ঠিত হয় | কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৮ বজাত যুৱ সংঘৰ পতাকা উত্তোলন কৰে যুৱ সংঘটোৰ সভাপতি আমিনুল হকে,ৰাতিপুৱা ৯ বজাত ছাত্র-ছাত্রী সকলৰ মাজত ভেশছন আৰু বিভিন্ন ধৰণৰ খেল-ধেমালী প্ৰতিযোগীতা অনুষ্ঠিতা হয় | আবেলি ৪ বজাত ছানিদুল ইছলাম আৰু শ্বহিদুল ইছলামৰ পৰিচালনাত নৃত্য প্ৰতিযোগীতা অনুষ্ঠিত হয় | সন্ধিয়া ৮-৩০ বজাত যুৱ সংঘটোৰ সভাপতি আমিনুল হ'কৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয় | সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম আহমেদ,অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদ,আৰ পি আই দলৰ অসমৰ সংখ্যালঘু কোষৰ কাৰ্যকৰী সভাপতি আমজাদ হুছেইন,হাজিপাৰা গাঁও পঞ্চায়তৰ সভাপতি ৰিয়াজ উদ্দিন আহমেদ,আমছুৰ উপ সভাপতি নাজিৰ হুছেইন,হাউলীৰ যুৱ ব্যৱসায়ী জিয়াৰুল হ'ক আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকি শিক্ষা,বাল্য বিবাহ আৰু সমাজত প্ৰচলিত অন্ধ বিশ্বাস আৰু কু-সংস্কাৰৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায় | ইপিনে নিশা ১০-৩০ বজাত সাংস্কৃতিক সন্ধিয়া মুকলি কৰে সমাজ কৰ্মী জেহেৰুল হ'কে |

No comments