Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পুডুচেৰীত কংগ্ৰেছ চৰকাৰৰ পতন ঃ বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ

পুডুচেৰী, ২২ ফেব্ৰুৱাৰী ঃ  পুডুচেৰীত পতন ঘটিল কংগ্ৰেছ চৰকাৰৰ। দক্ষিণৰ কেন্দ্ৰীয়শাসিত প্ৰদেশ পুডুচেৰীত কংগ্ৰেছে আজি তেওঁলোকৰ চৰকাৰ হেৰুৱাবলগী...


পুডুচেৰী, ২২ ফেব্ৰুৱাৰী ঃ  পুডুচেৰীত পতন ঘটিল কংগ্ৰেছ চৰকাৰৰ। দক্ষিণৰ কেন্দ্ৰীয়শাসিত প্ৰদেশ পুডুচেৰীত কংগ্ৰেছে আজি তেওঁলোকৰ চৰকাৰ হেৰুৱাবলগীয়া হ’ল। বিধানসভাত আজি কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা দেখুৱাবলৈ সক্ষম নোহোৱাৰ বাবেই কংগ্ৰেছে চৰকাৰ হেৰুৱালে। উল্লেখ্য যে কংগ্ৰেছে এখনৰ পিছত আন এখন ৰাজ্য হেৰুৱাই থকাৰ সময়ছোৱাতে আজি দলটোৱে আৰু এখন চৰকাৰ হেৰুৱাবলগীয়া হ’ল। পুডুচেৰীৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্বত থকা নাৰায়ণস্বামীয়ে আস্থাভোটত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা দেখুৱাবলৈ ব্যৰ্থ হোৱাৰ পিছতেই তেওঁলোকৰ চৰকাৰৰ পতন ঘটাৰ লগতে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। ভি নাৰায়ণস্বামী আস্থাভোটত পৰাস্ত হোৱাৰ পিছত তেওঁ কয় যে তেওঁৰ মন্ত্ৰী, ডি এম কে তথা নিৰ্দলীয় বিধায়কে উপ-ৰাজ্যপাল তমিলিছাই সুন্দৰৰাজনৰ হাতত পদত্যাগ-পত্ৰ অৰ্পণ কৰিছে। 

পদত্যাগ কৰাৰ পিছত নাৰায়ণস্বামীয়ে কয় যে গণতন্ত্ৰক হত্যা কৰি তেওঁলোকৰ চৰকাৰৰ পতন ঘটোৱা হৈছে পুডুচেৰীত। উল্লেখ্য যে পুডুচেৰীত মিত্ৰজোঁটৰ চৰকাৰ চলি আছিল। কংগ্ৰেছ-ডিএমকেৰ মিত্ৰজোঁট চৰকাৰৰ কেইবাগৰাকী বিধায়কে পদত্যাগ কৰাৰ পিছত তেওঁলোকৰ মাজত বিভাজনৰ সৃষ্টি হোৱাৰ লগতে বিধায়কৰ সংখ্যাও হ্ৰাস পাবলৈ ধৰে। যাৰ বাবে তেওঁলোকৰ বিধায়কৰ সংখ্যা বিধানসভাত ১১জন থকাৰ বিপৰীতে বিৰোধীৰ হাতত থাকে ১৪জন বিধায়ক। ভি নাৰায়ণস্বামীয়ে আজি কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰ, এন আৰ কংগ্ৰেছ আৰু এ আই এ ডি এম কেৰ তিনি মনোনীত সদস্যক আস্থাভোটৰ ক্ষমতা প্ৰদান কৰি আমাৰ চৰকাৰৰ পতন ঘটোৱালে। যিটো গণতন্ত্ৰত আঘাত হনা কাৰ্য। পুডুচেৰীত গণতন্ত্ৰক হত্যা কৰা হৈছে। 

পুডুচেৰী আৰু দেশৰ জনগণে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি নাৰায়ণস্বামীয়ে উল্লেখ কৰে। উল্লেখ্য যে এদিনৰবিধানসভাৰ বিশেষ অধিৱেশনৰ প্ৰাক্‌ক্ষণত নাৰায়ণস্বামীয়ে আস্থাভোটৰ প্ৰস্তাৱ ৰাখে। কিন্তু প্ৰস্তাৱ অনুসৰি আস্থাভোট আৰম্ভ হোৱাৰ পূৰ্বে মিত্ৰজোঁটৰ বিধায়কে ৱাক-আউট কৰে। ইয়াৰ পিছতেই বিধানসভাৰ অধ্যক্ষ শিৱকোলন্বুূৱে ঘোষণা কৰে যে আস্থাভোটত নাৰায়ণস্বামী পৰাস্ত হৈছে। আস্থাভোটত অংশ লোৱাৰ পূৰ্বে পুডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়ণস্বামীয়ে গুৰুতৰ অভিযোগ তুলি কয় যে প্ৰাক্তন উপ-ৰাজ্যপাল কিৰণ বেদী আৰু কেন্দ্ৰীয় চৰকাৰে বিৰোধীৰ সৈতে একত্ৰিত হৈ চৰকাৰ ভঙাত আগভাগ লয়। উল্লেখনীয় যে ৩৩জনীয়া বিধানসভাৰ সদস্যৰে গঠিত পুডুচেৰী বিধানসভাত বৰ্তমান মুঠ  ২৮জন সদস্য আছে। ইয়াৰে তিনিজন মনোনীত সদস্য। পুডুচেৰীত শাসনাধিষ্ঠিত  কংগ্ৰেছ-ডিএমকেৰ মিত্ৰজোঁটৰ দুজন বিধায়কে পদত্যাগ কৰাৰ পিছতেই মিত্ৰজোঁট চৰকাৰৰ পতন ঘটে কেন্দ্ৰীয়শাসিত প্ৰদেশখনত।

No comments