গণ বাৰ্তা বিশেষ, পল্লাৰপাৰ/হাউলী, ১০ ফেব্ৰুৱাৰী : ৰাজ্যত শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে সকলো ঠাইতে দুৰ্নীতিৰ বিৰুদ্ধে শূণ...
গণ বাৰ্তা বিশেষ, পল্লাৰপাৰ/হাউলী, ১০ ফেব্ৰুৱাৰী : ৰাজ্যত শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে সকলো ঠাইতে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিৰ কথা কৈ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা যিমানই নকওক কিয় এতিয়াও দুৰ্নীতিৰ পৰা হাত সৰা নাই একাংশ বিষয়া কৰ্মচাৰী। দুৰ্নীতিৰ বিৰুদ্ধে কোনো ক্ষেত্ৰতে আপোচ নকৰাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতে এনে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰা এটা বিভাগ হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ । বিভাগটোৰ একাংশ চৰকাৰী বিষয়া আৰু কৰ্মচাৰীয়ে বিভিন্ন শিতানত কমিচনেৰে চৰকাৰী ধন লুণ্ঠন চলাই যোৱাৰ বৃহত অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি হাউলীস্থিত ভৱানীপুৰ উন্নয়ন খণ্ডৰ অধীনৰ ১০০ নং মৈৰামাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ইটাৰভিটা গাঁৱত অৱস্থিত জনপ্ৰিয় এম ই মাদ্ৰাছাত এম জি এনৰেগা আঁচনিৰ জৰিয়তে এটা পুখুৰীত মাটি ভৰ্তিৰ বাবে মুঠ ১৩ লাখ ২১ হাজাৰ ৭১৬ টকা বিভাগীয় ভাৱে আৱন্টন দিয়া হৈছিল। কিন্তু মাদ্ৰাছাখনৰ সমীপৰে বৈ যোৱা পল্লা নদীৰ পৰা অবৈধ ভাৱে কিছু মাটি মেচিনেৰ কাটি পুখুৰীটোত অৰ্ধাংশ ভৰ্তি কৰি প্ৰায় আঠ লাখ টকা বিভাগীয় ভাৱে মোকোলাই দিয়া হৈছে বুলি জানিব পৰা গৈছে । এতিয়া প্ৰশ্ন হয় এম জি এনৰেগা আঁচনিৰ জৰিয়তে আবন্টিত হোৱা কামত কেনেদৰে নিৰ্মান সমিতিয়ে জব কাৰ্ড কৰ্মীৰ বিপৰীতে মেচিনেৰে মাটি পেলাব পৰে ? এই ক্ষেত্ৰত গ্ৰাম ৰোজগাৰ সহায়ক চমুকৈ জিআৰএছ মিজানুৰ ৰহমান আৰু সহকাৰী অভিযন্তা কুশল সাউদে কিদৰে সিংহ ভাগ কাম হোৱা বুলি ৰিপ'ৰ্ট দাখিল কৰিলে । তাৎপৰ্যপূৰ্ণ কথা যে খণ্ড উন্নয়ন বিষয়া ভাস্কৰ চক্ৰৱৰ্তীয়ে সেই কাম চোৱা-চিতা নকৰাকৈ কেনেকৈ সিংহ ভাগ টকা মুকলাই দিলে ইয়াকে লৈ এতিয়া অঞ্চলটোত সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে পঞ্চায়তৰ ইটাৰভিটা গাঁৱৰ (২ নং খণ্ডৰ) সদস্য মকবুল হুছেইনে আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি জয়নুদ্দিন আহমেদে বৰপেটা জিলা উপায়ুক্তলৈ সবিস্তাৰে এক লিখিত অভিযোগ দাখিল কৰি বিভাগৰ জ্ঞাতাৰ্থে ইয়াৰ প্ৰতিলিপি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ, বিধায়ক ৪৩ নং বৰপেটা বিধান সভা সমষ্টি, বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, বৰপেটা জিলা গ্ৰাম উন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক, ভৱানীপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু ১০০ নং মৈৰামাৰা গাঁও পঞ্চায়তৰ সভাপতি তথা সচিবলৈ প্ৰেৰণ কৰিছে । এই ক্ষেত্ৰত ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়া ভাস্কৰ চক্ৰৱৰ্তীয়ে কমিছন লৈ চৰকাৰী ধনৰ লুণ্ঠন চলাইছে বুলিও ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে । তদুপৰি খণ্ড উন্নয়ন বিষয়া ভাস্কৰ চক্ৰৱৰ্তীয়ে বৃহৎ ধনৰ অংকত বুজা বুজি হৈ নিজ কাৰ্যালয়ৰ চৌহদত বে-আইনীভাৱে বিভিন্ন জনক ব্যৱসায়ীক প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰিছে বুলি একাংশ ৰাইজে জানিবলৈ দিছে। এতিয়া প্ৰশ্ন হয় কি সাহসত নিজৰ মইমতালিৰে খণ্ড উন্নয়ন বিষয়া ভাস্কৰ চক্ৰৱৰ্তীয়ে এনেবোৰ দুষ্কৰ্য কাৰ্যালয়ৰ ভিতৰত চলাই যাব পাৰিছে । এই ক্ষেত্ৰত বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জিলা গ্ৰামীন উন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালকে কিয় নিৰৱ ভূমিকা পালন কৰিছে এয়াও এক ডাঙৰ ৰহস্য বিষয় হৈ পৰিছে। ইফালে কিছুদিন পূৰ্বে কাৰ্যালয়টোত আন এক ঘটনা সংঘটিত হৈছিল। কাৰ্যালয়টোৰ গুদামৰ পৰা বুজন পৰিমানৰ সা-সামগ্ৰী চুৰি হোৱা ঘটনাকলৈ ৰাইজৰ মাজত এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে । সেই চুৰিৰ ঘটনা সন্দৰ্ভত সাংবাদিকে খণ্ড উন্নয়ন বিষয়া ভাস্কৰ চক্ৰৱৰ্তীক কি কি সামগ্ৰী চুৰি হৈছে সেই সন্দৰ্ভত জানিব বিচৰাত বিষয়া গৰাকীয়ে সৱিশেষ তথ্য দিয়াৰ পৰা বিৰত থাকে যদিও আনঅফিচিয়েল ভাৱে ৩৬ টা দমকল, ২৪৫ টা জিচিআই শ্বিট, ২০০ খন ত্ৰিপাল আৰু ৫০ খন কম্বল চুৰি হোৱা বুলিহে জানিবলৈ দিয়ে । কিন্তু চুৰি কাৰ্য সংঘটিত হোৱাৰ পূৰ্বে কাৰ্যালয়ৰ গুদামত কিমান পৰিমানৰ সামগ্ৰী মজুত আছিল সাংবাদিকক সেই কথা জনোৱাৰ পৰা সম্পূৰ্ণ বিৰত থাকে খণ্ড উন্নয়ন বিষয়া চক্ৰৱৰ্তীয়ে । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে হাউলী আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ ২০২০ বৰ্ষৰ ২৮ ডিচেম্বৰত বিডিবি/০৩/এমআইএছচি/২০২০-২১/২২৯৩ নম্বৰৰ এখন পত্ৰৰ যোগেদি অৱগত কৰাৰ পিছত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮০ ধাৰাত হাউলী থানাত ৫৩০/২০ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছিল যদিও আৰক্ষীৰ সেই তদন্ত তদন্ত হৈয়ে থাকিল আজিলৈকে কোনো কথা পোহৰলৈ নাহিল। কিন্তু উল্লেখনীয় বিষয় যে- কাৰ্যালয়ৰ চৌহদত থকা গুদামৰ পৰা যি স্থানেৰে উল্লেখিত সামগ্ৰী সমূহ চুৰি হোৱা বুলি খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে দেখুৱাইছে আছলতে সেই স্থানেৰে সেই সামগ্ৰী সমূহ চুৰি হোৱাতো এক প্ৰকাৰ অসম্ভব বুলি ধাৰণা কৰিব পাৰি। ইয়াৰ উপৰিও এই চুৰি হোৱা সামগ্ৰী সমূহ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে চক্ৰান্তমূলক ভাৱে বিক্ৰী কৰি ধন লুণ্ঠন কৰি চুৰিৰ অজুহাত দেখুওৱাইছে বুলিও একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে। এতিয়া প্ৰশ্ন হয় যদিহে খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে সচাঁকৈয়ে এনেধৰণৰ অসৎ কাৰ্যৰ সৈতে লিপ্ত হৈ পৰিছে তেন্তে ইয়াৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষই অনাগত দিনত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।
No comments