Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দৰঙৰ ধুলাত দৰিদ্ৰ পৰিয়ালৰ মাজত কম্বল বিতৰণ হিউমেন ৱেলফেয়াৰ ট্ৰাষ্টৰ

গন বাৰ্তা খাৰুপেটীয়া ২ ফেব্ৰুৱাৰী:  প্ৰত্যেক বছৰৰ দৰে এইবাৰো  হিউমেন ৱেলফেৱাৰ ট্ৰাষ্টৰ সৌজন্যত  দৰিদ্ৰ পৰিয়ালৰ মাজত শীতকালীন বস্ৰ বিতৰণ কৰা ...


গন বাৰ্তা খাৰুপেটীয়া ২ ফেব্ৰুৱাৰী:  প্ৰত্যেক বছৰৰ দৰে এইবাৰো  হিউমেন ৱেলফেৱাৰ ট্ৰাষ্টৰ সৌজন্যত  দৰিদ্ৰ পৰিয়ালৰ মাজত শীতকালীন বস্ৰ বিতৰণ কৰা হয় । উল্লেখ্য যে দিল্লীৰ  সৰ্বভাৰতীয় স্বেচ্ছাসেৱী এই সংস্হাটোৱে এইবাৰো গুৱাহটীৰ সৌজন্যত আৰু খাৰুপেটীয়া ধুলাৰ  কৰ্মীৰ উদ্যোগত এইবাৰো ধুলাত আনুষ্ঠানিকভাৱে পঞ্চাশ গৰাকী পৰিয়ালৰ মাজত শীতকালীন বস্ৰ কম্বল বিতৰণ কৰা হয় । খাটনীয়াপাৰা ,পানীয়াখাট, নিজ শ্যামাবাৰী , হিৰাপাৰা , ১ নং থেকেৰাবাৰী , খাৰুপেটীয়া আদি অঞ্চলৰ  অতি দৰিদ্ৰ পৰিয়ালৰ লোকৰ মাজত এই কম্বলসমূহ বিতৰণ কৰা হয় । বিতৰণি অনুষ্ঠানটোত হিউমেন ওৱেলফেৱাৰ কৰ্মী ইমদাদুল ইছলাম , মৌলানা ইব্ৰাহীম আলী , নস্কৰ আলী আৰু ছফিউল্লাহ উপস্হিত থাকে । বিতৰণি অনুষ্ঠানত উপস্হিত থকা হিউমেনৰ ওৱেফেৱাৰৰ কৰ্মী সাংবাদিক ইমদাদুল ইছলামে দুখীয়া পৰিয়ালৰ উপস্হিত থকা লোকসকলৰ উদ্দেশ্যি  শিক্ষা ,শান্তি সম্প্ৰীতি  সৃষ্টিকৰ্তাৰ হুকুম আৰু  হজৰত মহম্মদ (ছ:)ৰ নীতি আদৰ্শৰে জীৱন নিৰ্বাহৰ আহ্বান জনায় । লগতে নিজ পৰিয়াল ,সমাজ তথা দেশৰ হকেও ইজনে সিজনৰ লগত মিলা প্ৰীতিৰে থাকি উন্নয়নৰ হকে আগ বাঢ়ি যাবলৈ আহ্বান জনায় ।

No comments