Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

১৯৮৩ চনৰ নেলীৰ গণ হত্যাৰ ন্যাৰ্যতাপ্ৰদানৰ দাবীত হাউলীত বৰপেটা জিলা আমছুৰ ক'লা দিৱস কাৰ্যসূচী ৰূপায়ন

  দিদাৰ হুছেইন,হাউলী,১৮ ফেব্ৰুৱাৰীঃ   ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ নেলীৰ গণ হত্যাৰ ন্যাৰ্যতাপ্ৰদানৰ দাবীত সমগ্ৰৰাজ্য খনৰ লগতে বৰপেটা জিলাৰ হাউলীত...

 


দিদাৰ হুছেইন,হাউলী,১৮ ফেব্ৰুৱাৰীঃ ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ নেলীৰ গণ হত্যাৰ ন্যাৰ্যতাপ্ৰদানৰ দাবীত সমগ্ৰৰাজ্য খনৰ লগতে বৰপেটা জিলাৰ হাউলীতো সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আজি ক'লা দিৱস কাৰ্যসূচী ৰূপায়ন কৰা হয় | কাৰ্যসূচীত জিলা আৰু আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা সকলে উপস্থিত থাকি ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্থ কৰে | উল্লেখ্য যে ১৯৮৩ চনৰ ফেব্রুৱাৰী মাহৰ ১৮ তাৰিখে বিদেশী বিতাড়নৰ নামত দূষ্কৃতিকাৰী সকলে নেলীত নিৰীহ সংখ্যালঘূ জনতাক নির্মম বাবে দুইস্ৰাধিক লোকক হত্যা কৰিছিল | উক্ত  অঞ্চলত সংঘটিত হোৱা গণহত্যাৰ ভুক্তভোগী পৰিয়াল সকলে ৬৮৮ টা গোচৰ ৰুজু কৰিছিল, তাৰে ৩১০ টা গোচৰত আৰক্ষীয়ে মহামান্য আদালতত অভিযোগনামা দাখিল কৰিছিল আৰু ৩৭৮ টা গোচৰ শাক্ষী-প্ৰমানৰ অভাৱত আৰক্ষীয়ে বন্ধ কৰিছিল।অভিযোগনামা দাখিল হোৱা ৩১০ টা গোচৰো পৰৱৰ্ত্তী সময়ত অসম চুক্তি অনুসৰি বন্ধ হয়। চৰকাৰে ভুক্তভোগী সকলক সামান্য পৰিমাণৰ ক্ষতিপূৰণ দিয়েই দায় সাৰিলে । ১৯৮৩ চনৰ গনহত্যাৰ পিছত চৰকাৰে তিৱাৰী আয়োগ গঠন কৰি তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল। পৰৱৰ্ত্তী সময়ত তেৱাৰী আয়োগে প্ৰতিবেদন দাখিল কৰিছিলে- যদিও আজিলৈকে সেই প্ৰতিবেদন ৰাজহুৱা নহল। সেয়ে নেলী অঞ্চলৰ ভুক্তভোগীয়ে আজিও ন্যায় পোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে । উক্ত ক'লা দিৱস কাৰ্যসূচীত আমছুৰ উপ সভাপতি আবুল হুছেইন,সহঃসম্পাদক আব্দুল জুব্বাৰ আলী, বৰপেটা জিলা আমছুৰ সভাপতি ছফিউৰ ৰহমান,কাৰ্যকৰী সভাপতি ছামিম খান, সাধাৰণ সম্পাদক ছাইদুৰ ৰহমানৰ লগতে ভালেসংখ্যক জিলা আৰু আঞ্চলিক সমিতি সমূহৰ কৰ্মীসকলে  উপস্থিত থাকে ।

No comments