ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১১ ফেব্ৰুৱাৰী: যোৰহাটৰ ঢেকিয়াজুলি তিতাৰামৰ বৰদলৈ উ:মা: বিদ্যালয়ৰ ৭৬ তম প্ৰতিষ্ঠা দিৱস যোৱা ৯ ফেব্ৰুৱাৰীত দিনজোৰা কা...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১১ ফেব্ৰুৱাৰী: যোৰহাটৰ ঢেকিয়াজুলি তিতাৰামৰ বৰদলৈ উ:মা: বিদ্যালয়ৰ ৭৬ তম প্ৰতিষ্ঠা দিৱস যোৱা ৯ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়।তদুপলক্ষে পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতি দত্ত বৰদলৈয়ে আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হেমন্ত মঙ্গল বৰদলৈয়ে স্মৃতি তৰ্পণ কৰা পাচতেই প্ৰতিষ্ঠা দিৱস আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হয় । সভা খনত সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত প্ৰধান তথা কৃতি শিক্ষক অতুল চন্দ্ৰ বৰদলৈয়ে।শিক্ষক বিমান শইকীয়াই আঁতধৰা,শিক্ষয়িত্ৰী গিতিমণি বৰদলৈয়ে উদ্দেশ্যে বাখ্যা কৰা সভাতেই একালৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা স্বনামধন্য অৱসৰ প্ৰাপ্ত শিক্ষক চন্দধৰ বৰদলৈক বিদ্যালয়ৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনায়।লগতে সম্বোধীত ব্যক্তি বৰদলৈয়ে তেওঁৰ ভতিজি প্ৰয়াত গীতিমণি বৰদলৈৰ সোঁৱৰণত চলিত বৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ গণিত বিষয়ত সব্বোৰ্চ নম্বৰ পোৱা ছাত্ৰক ৫০হাজাৰ টকাৰ ন্যাস বঁটা প্ৰদানৰ ঘোষণা কৰে। সম্বোধীত ব্যক্তি চন্দ্ৰ ধৰ বৰদলৈ আৰু বিমান শইকীয়াই বক্তব্য ৰখা অনুষ্ঠানত ক্ৰমে বিশিষ্ট অতিথি হিচাপে হেমন্ত মঙ্গল বৰদলৈ,নিমন্ত্ৰীত অতিথি হিচাপে অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ক্ৰমে পূৰ্ণিমা দত্ত,বিণাপানি মহন্ত,ক্ষিয়েশ্বৰীবৰা,প্ৰাক্তন কৰ্মচাৰী হীৰেন দত্ত,গোলেশ্বৰ বৰা আৰু শিক্ষক ৰাহুল দেৱ সাধনী বৰাই অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ৮ফেব্ৰুৱাৰীত বিদ্যালয়ৰ ছাত্ৰ সকলৰ মাজত অনুষ্ঠিত কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে শিক্ষক কুইন কুমাৰ ঠেঙাল আৰু বিৰাজ ভূমিজে।অনুষ্ঠানতেই বিজেটা প্ৰতিযোগীক বঁটা প্ৰদান কৰাৰ লগতে ছাত্ৰ শশীন বৰা,ঋতুৰাজ বৰা,অনুপম শইকীয়া,হেমন্ত বৰাই পৰিৱেশ কৰা সাংস্কৃতিক অনুষ্ঠানে উপস্হিত ব্যক্তি সকলক আপ্লুত কৰে।
No comments