Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভৱানীপুৰত সোতৰগৰাকীয়ে বিচাৰিছে কংগ্রেছৰ প্রাৰ্থিত্বৰ আবেদন

সঞ্জীৱ দাস, ভৱানীপুৰ, ১৯ ফেব্রুৱাৰীঃ আসন্ন বিধানসভা নিৰ্বাচনত বিৰোধীৰ মহা জোঁট বন্ধনত ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টি কংগ্রেছক এৰি দিব নে এ আ...


সঞ্জীৱ দাস, ভৱানীপুৰ, ১৯ ফেব্রুৱাৰীঃ আসন্ন বিধানসভা নিৰ্বাচনত বিৰোধীৰ মহা জোঁট বন্ধনত ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টি কংগ্রেছক এৰি দিব নে এ আই ইউ ডি এফে ল'ব সেয়া এইসময়ত দুয়োটা দলৰ কৰ্মী সমৰ্থকসকলৰ বাবে লাখ টকীয়া প্রশ্ন |ভৱানীপুৰ সমষ্টি একেৰাহে দুবাৰকৈ এ আই ইউ ডি এফৰ দখলত আছে কিন্তু কংগ্রেছৰ স্থানীয় কৰ্মী সমৰ্থকসকলে সমষ্টিটো এৰি দিব বিচৰা নাই |সেয়েহে ভৱানীপুৰত কংগ্রেছৰ প্রাৰ্থিত্ব প্রয়াসীৰ আবেদনৰ ভিৰে সম্প্রতি আলোচ্যৰ বিষয় হৈ পৰিছে সমষ্টিটোত |ইতিমধ্যে প্রদেশ কংগ্রেছৰ হাতত সোতৰগৰাকী টিকট প্রত্যাশীয়ে আবেদন পত্র জমা দিছে |ইয়াৰ মাজত কেইবাগৰাকীও জ্যেষ্ঠ কংগ্রেছী আৰু যুৱ নেতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে | সমষ্টিটোত প্রবীণ কংগ্রেছ নেতা নাৰায়ণ কাকতি, বাকসা জিলা কংগ্ৰেছৰ সভাপতি ভূপেন দৈমাৰী, প্রদেশ কংগ্রেছৰ উপ সভাপতি ড০ মঞ্জুশ্রী পাঠক, বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তাইজুদ্দিন আহমেদ , অধিবক্তা বিৰাজ কুমাৰ চৌধুৰী, নিজ ভৱানীপুৰ জিলা পৰিষদৰ সদস্য ৰাসিনা সৰকাৰ ইছলাম, ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ইছমাইল হুছেইন, প্রাক্তন সদস্য ফখৰউদ্দিন আহমেদ, অৱসৰপ্রাপ্ত আভিযন্তা শৈলেন্দ্র নাথ দাস, দক্ষ কলিতা, ড০ ৰাকিবুল হুছেইন, অমলেশ তালুকদাৰ, হান্নান আলী আহমেদ, সৰুপেটা জিলা পৰিষদৰ প্রাক্তন সদস্য দিপুল পাটগিৰী, সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদক শ্বেৰীফা ৰহমান, কাজী মতিউৰ ৰহমান, চৌকত আলী আহমেদে প্রাৰ্থিত্বৰ আবেদন জনাইছে। ইপিনে, আগপ দলেও ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থীত্বৰ ক্ষেত্ৰত পিচুৱাই নাই। অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য বিপুল কৃষ্ণ দাসে ভৱানীপুৰ সমষ্টিত অগপ দলৰ প্ৰাৰ্থীক আসনখন এৰি দিয়াৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছে। বাটৰ নাটেৰে তেওঁৰ আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত ৰাখিছে লগতে অগপৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী হিচাপে ৰাইজৰ ওচৰত মত-বিনিময় কৰাত ব্যস্ত আছে।

No comments