Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গ্ৰন্থ উন্মোচন,গীত-নৃত্য- কবিতাৰে জীপাল হ'ল যোৰহাটৰ সংবাদ ভৱন

গণ বাৰ্তা,পশ্চিম যোৰহাট,২৮ফেব্ৰুৱাৰী : অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ সৌজন্যত আজি এখন গ্ৰন্হ উন্মোচনী সভা আৰু কবি সন্মিলনৰ আয়...


গণ বাৰ্তা,পশ্চিম যোৰহাট,২৮ফেব্ৰুৱাৰী
: অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ সৌজন্যত আজি এখন গ্ৰন্হ উন্মোচনী সভা আৰু কবি সন্মিলনৰ আয়োজন কৰা হয়। যোৰহাটৰ পশ্চিম যোৰহাট সাংবাদিক সংস্হাৰ কাৰ্যালয় "সংবাদ ভৱন"ত আয়োজিত অনুষ্ঠানটি উদীয়মান শিল্পী প্ৰিয়ংকা বৰাৰ আধুনিক নৃত্য পৰিৱেশনৰে শুভাৰম্ভ হয়।মাহেকীয়া আলোচনী"দিগদৰ্শন"ৰ সম্পাদক পংকজ কুমাৰ দাসে আঁত ধৰা তথা উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত দিগদৰ্শন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত বিশ্বনাথ জিলাৰ গহপুৰৰ উদীয়মান লেখিকা দিপালী তচাৰ কাব্যগ্ৰন্হ "চাহ গছৰ আঁৰে-আঁৰে" আৰু গোলাঘাটৰ কবি উষাৰাণী দেৱীৰ কাব্যগ্ৰন্হ"কাব্য অংকুৰণ" উন্মোচন কৰা হয়।দিগদৰ্শন প্ৰকাশনৰ সভাপতি ৰমেন শইকীয়া,কবিতা আলোচনী"ছন্দগুচ্ছ"ৰ সম্পাদক স্পনানী গগৈ চেতিয়া,সদৌ অসম বিহু সুৰক্ষা সমিতিৰ পশ্চিম যোৰহাট আঞ্চলিক সমিতিৰ সম্পাদক প্ৰফুল্ল ভূঞাই বক্তব্য ৰখা অনুষ্ঠানত সাংবাদিক দিপু সন্দিকৈ,অভিষেক গোস্বামী,দিপাংকৰ সৰকাৰ,ৰিমা ভিনা,বৃষ্টি ফুকন,বন্যা ফুকন আদি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। পংকজ দাসকে ধৰি শতাধিক কবিয়ে কবিতা পাঠ কৰা অনুষ্ঠানত নিৰ্মালী গোস্বামী,আৰতি বৰুৱা ফুকন,দিপালী তচা আৰু বিশিষ্ট সমাজ সংগঠক গোবিন চন্দ্ৰ দাসক সম্বৰ্ধনা জনায় দিগদৰ্শন প্ৰকাশন গোষ্ঠীয়ে। নৃত্য-গীত-কবিতাৰে জীপাল হৈ উঠা অনুষ্ঠানৰ অন্তত জাতীয় সংগীত পৰিৱেশনৰে গ্ৰন্হ উন্মোচন আৰু কবি সন্মিলনৰ সামৰণি পৰে।

No comments