Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দলগাঁৱত সুলভ মূল্যৰ দোকানীৰ চাউল চুৰিৰ নতুন কৌশল ঃ বস্তা সলনি কৰি বিক্ৰীৰ বাবে লৈ যোৱা অবস্থাত জব্দ ৭০ বস্তা চাউল

গণ বাৰ্তা, দলগাঁও, ২২ ফেব্ৰুৱাৰী ঃ সুলভ মূল্যৰ দোকানীয়ে নতুন কৌশল অৱলম্বন কৰি  অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে দৰিদ্ৰৰ বাবে যোগান ...


গণ বাৰ্তা, দলগাঁও, ২২ ফেব্ৰুৱাৰী ঃ সুলভ মূল্যৰ দোকানীয়ে নতুন কৌশল অৱলম্বন কৰি  অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে দৰিদ্ৰৰ বাবে যোগান ধৰা  সুলভ মূল্যৰ বৃহৎ পৰিমাণৰ  চাউল চোৰাংকৈ বিক্ৰীৰ বাবে  গাড়ীৰে লৈ যোৱা অৱস্থাত জব্দ দলগাঁৱত । জানিব পৰা  মতে দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ইছলামপুৰ  গাঁৱৰ  আমজাদ আলী নামৰ সুলভ  মূল্যৰ দোকানীজনে  ৭০ বস্তা চাউল বস্তা সলনি কৰি নতুন বস্তাত ভৰাই As-25DC-4387  ডি আই গাড়ীৰে  বিক্ৰীৰ বাবে পুৱতি নিশা ধূলালৈ  লৈ যোৱা অৱস্থাত হাতে-লোটে ধৰে গাঁওখনৰ ৱাৰ্ড সদস্য ও গাঁওৰক্ষী বাহিনীৰ লোকে । 

পিছত ৰাইজে চাউলভৰ্তি গাড়ীখন চালক ও বস্তা চিলাই কৰা মেচিনসহ জব্দ কৰি দলগাঁও আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ উক্ত বৃহৎ পৰিমাণৰ চাউলভৰ্তি  ডি আই গাড়ীখন জব্দ কৰি  চালকসহ থানালৈ নিয়ে। ইপিনে গাড়ীখনত থকা সুলভ মূল্যৰ দোকানী আমজাদ আলীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি  একাংশ সুলভ মূল্যৰ দোকানীয়ে দুখীয়াৰ প্ৰাপ্ত সুলভ মূল্যৰ চাউল ক’লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

No comments