Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ শব্দ প্রকাশৰ ২০ সংখ্যক বর্ষপূর্তি অনুষ্ঠান সম্পন্ন; কবি-সাহিত্যিক নীৰেন বৰুৱাক চানেকি বঁটা প্ৰদান

  ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১১ ফেব্ৰুৱাৰী: অসমৰ অগ্রণী প্রকাশন প্রতিষ্ঠান শব্দ প্রকাশ আৰু অনুবাদ আলােচনী চানেকি উদ্যোগত শব্দ প্রকাশ ২০ সংখ্যক...

 


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১১ ফেব্ৰুৱাৰী: অসমৰ অগ্রণী প্রকাশন প্রতিষ্ঠান শব্দ প্রকাশ আৰু অনুবাদ আলােচনী চানেকি উদ্যোগত শব্দ প্রকাশ ২০ সংখ্যক বর্ষপূর্তি উপলক্ষে পােন প্রথমবাবৰ বাবে চানেকি বটা ২০২১ প্রদান কৰা হয় অসমৰ এগৰাকী বিশিষ্ট কবি-সাহিত্যিক, অনুবাদ তথা বাহনা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্রাক্তন প্রবক্তা নীৰেন বৰুৱাক । বুধবাৰে যােৰহাট প্রেছ ক্লাবত আয়ােজন কৰা গাম্ভীর্য পূর্ণ অনুষ্ঠানত নীৰেন বৰুৱাক চানেকি বটা প্রদান কৰা হয়। চানেকি বটাৰ লগত স্মাৰক, অভিনন্দন পত্র, চেলেং, গামােচা, গ্রন্থৰ টোপােলা প্রদান কৰা হয়। সত্তৰ দশকত এগৰাকী প্রতিশ্রুতিপূর্ণ কবি হিচাপে সাপ্তাহিক নীলাচলৰ পাতত আত্মপ্রকাশ কৰা নীৰেন বৰুৱাই পৰৱৰ্তী সময়ত গদ্য সাহিত্যতাে মনােনিৱেশ কৰিবলৈ লয়। উপন্যাস, গল্প, নাটক আদি ৰচনা কৰাৰ ইংৰাজী আৰু অসমীয়া ভাষাত ভিন্নসুৰী নিবন্ধ লিখিবলৈ লয়। অসমৰ কেইবাখনাে দৈনিক কাকতত এগৰাকী স্তম্ভ-লেখক হিচাপে আত্মপ্রকাশ কৰা নীৰেন বৰুৱাই অসম আৰু অসমৰ বাহিৰৰ কেইবাখনাে ইংৰাজী কাকত আৰু আলােচনীত স্তম্ভ-লিখক হিচাপে আত্মপ্রতিষ্ঠা লাভ কৰে।


প্রান্তিক, গৰীয়সী, ৰামধেনু, শ্রীময়ী, অসমীয়া, মণিদ্বীপ আদি আলােচনীত ছেগা-ছােৰোকাকৈ কবিতা আৰু প্রবন্ধ প্রকাশ কৰি অহা বৰুৱাৰ কবিতা ইংৰাজী অনুবাদ প্রকাশ পাইছে ‘দ্য ইণ্ডিয়ান লিচাৰেচাৰ আৰু থ্রি স্কৰ আচামিজ পয়েমচত। সুদীর্ঘদিন এক স্বকীয় ৰচনা শৈলীৰে নানান বিষয়ৰ প্রবন্ধ লিখি অহা নীৰেন বৰুৱাই কিছু ভাষা-সাহিত্য-মনােবিজ্ঞান সম্পর্কীয় তথ্যগধুৰ মননশীল ৰচনা ব্যক্তিগত অভিজ্ঞতাৰ আলমত কিছু কল্পনাৰ আশ্রয়লৈ ৰচনা কৰা দুটামান গল্প-সদৃশ লিখনি আৰু হাস্য-ব্যঙ্গৰ আলসুৱা ব্যঞ্জনা থকা কিছু ৰচনাৰ একত্রিত কৰি উলিয়াইছে ব্যতিক্রমী গ্রন্থ 'অলপ ভাষ্য, অলপ হাস্য, কিছু ব্যঙ্গ। শুভ্রতাৰ স্বৰ তেখেতৰ একমাত্র কবিতা পুথি।


মৌচুমী মহন্তৰ এটি বৰগীতেৰে শুভাৰম্ভ হােবা শব্দপ্রকাশৰ ২০ সংখ্যক বর্ষপূর্তি আৰু চানেকি বটা প্রদান অনুষ্ঠানটিৰ সঞ্চালনা কৰে টীয়ক চি.কে.বি. কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা মামণি গগৈ বৰুৱাই। বন্তি প্ৰজ্বলন কৰে ড° প্রদীপ কুমাৰ বৰুৱাই আৰু যােগমায়া গগৈয়ে। হিউষ্টন, আমেৰিকাৰ নিবাসী ড° ৰাজেন বৰুৱাই প্রেৰণ কৰা লিও টলষ্টয়, এনা কেৰেনিনাৰ আৰু নিৰেন বৰুৱা সম্পৰ্কীয় এক টোকা পাঠ কৰে শব্দ প্রকাশ আৰু চানেকিৰ হৈ ৰণজিত গগৈয়ে। ৰণজিত গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে শব্দপ্রকাশৰ বিশ বছৰীয়া পৰিক্ৰমাৰ সম্পর্কত একাষাৰ দাঙি ধৰে। গ্রন্থৰ বৰ্ণাশুদ্ধিৰ লগত জৰিত হৈ থকা লুৰকিহাটৰ পৱন বৰদলৈক এখনি গামােচা, গ্রন্থৰ টোপােলা আৰু এখনি সম্বর্ধনা পত্রৰে সম্বর্ধনা জনােৱা হয়। চানেকি বঁটাৰ প্রদান অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে উত্তব-পূব বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত বিশিষ্ট বিজ্ঞানী, লেখিকা ড° মালিনী, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্রাক্তন মুৰবী অধ্যাপক, তথা সদৌ অসম কবি সন্মিলনৰ প্রাক্তন সভাপতি ড° মানিক শইকীয়া, অসম চৰকাৰৰ সাহিত্যিক পেন্সন প্রাপক মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্রাক্তন মুৰবী অধ্যাপক ড° প্রদীপ কুমাৰ বৰুৱা, যােৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড0 ৰাতুল চন্দ্র বৰা, কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী ড°বিপিন খঙীয়া, কেন্দ্রীয় চৰকাৰৰ ৰেচম বিভাগৰ অৱসৰপ্রাপ্ত জ্যেষ্ঠ বিজ্ঞানী ড° সােমেন্দ্রনাথ বুঢ়াগােহাঁই, অসম লেখিকা সংস্থাৰ প্রাক্তন সভানেত্রী যােগমায়া গগৈ, যােৰহাট মেডিকেল কলেজ অধ্যাপিকা, ডাঃ মেঘালি চলিহা আদি।

No comments