Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ক'ভিড-১৯ ৰ সংক্ৰমনৰ আশংকাত চিজুছাৰ 'পাকে পাগা উৎসৱ'বাতিল'

গণ বাৰ্তা,ইটাখোলা ১ ফেব্ৰুৱাৰীঃ প্ৰতিবছৰে অসম-অৰুনাচল সীমান্তৱৰ্তী চিজুছাত অৰুনাচল চৰকাৰ আৰু চিজুছাৰ জনজাতিসকলৰ দ্বাৰা আয়োজিত বিশ্ববিখ্যাত &...


গণ বাৰ্তা,ইটাখোলা ১ ফেব্ৰুৱাৰীঃ প্ৰতিবছৰে অসম-অৰুনাচল সীমান্তৱৰ্তী চিজুছাত অৰুনাচল চৰকাৰ আৰু চিজুছাৰ জনজাতিসকলৰ দ্বাৰা আয়োজিত বিশ্ববিখ্যাত 'পাকে পাগা' উৎসৱ এই বছৰ ক'ভিড-১৯ সংক্ৰমনৰ আশংকাত বাতিল কৰা হৈছে। ফলত অসম-অৰুনাচল সীমান্তত বাস কৰা বৃহত্তৰ জনজাতি লোকসকলৰ উচ্চাহ পূৰ্ণ মনোভাব ম্লান হোৱা দেখা গৈছে। বিশ্ববিখ্যাত ধনেশ পক্ষী আৰু অৰুনাচলৰ পাকে সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন পশু-পক্ষী আৰু জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় জনগোষ্ঠীয় লোকসকলৰ মাজত সজাগতা অনাৰ বাবে অৰুনাচল চৰকাৰৰ দ্বাৰা প্ৰতিবছৰে অৰুনাচলৰ পাকে আৰু অসমৰ বৰডিকৰাই নদীৰ পাৰত জানুৱাৰী মাহৰ শেষৰ ফালে নতুবা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত এক আড়ম্বৰপূৰ্ণভাৱে তিনিদিনীয়া কাৰ্যসূচীৰে পাকে পাগা উৎসৱ আয়োজন কৰা হয়। এই উৎসৱত দেশ-বিদেশৰ পৰা যথেষ্ট পৰ্যটকৰ আগমন ঘটে। তিনিদিনীয়াকৈ পালন কৰা এই উৎসৱক কেন্দ্ৰ কৰি স্থানীয় জনগোষ্ঠীৰ লোকসকলে জনজাতীয় খাদ্যসামগ্ৰীকে ধৰি তেওঁলোকে ব্যৱহাৰ কৰা বিভিন্ন সা-সামগ্ৰীৰ বিপণী খুলি যথেষ্ট পৰিমাণৰ ধন উপাৰ্জন কৰি আহিছে। যাৰ প্ৰস্তুতি এই অঞ্চলৰ জনগোষ্ঠীৰ লোকসকলে সম্পূৰ্ণ বছৰ ধৰি চলাই আহে। কিন্তু এই বছৰ অৰুনাচল চৰকাৰে ক'ভিড-১৯ৰ সংক্ৰমণৰ আশংকাত উৎসৱ ভাগৰ উদাপন বাতিল কৰাৰ লগে লগে বৃহৎৰ অঞ্চলটোৰ জনজাতীয় লোকসকলে দুখ প্ৰকাশ কৰা দেখা গৈছে। বিগত বছৰবোৰত এই উৎসৱক উপভোগ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ উপৰিও বিদেশৰ যেনে ইংলেণ্ড,ইটালী,ছাইবেৰীয়া আদিৰ পৰা জাকে জাকে পৰ্যটক ভৰি পৰা পৰিলক্ষিত হয়। এই বছৰো দেশৰ কিছু প্ৰান্তৰ পৰা উক্ত উৎসৱ উপভোগ কৰিবলৈ আহি নিৰাশ হৈ বৰ্তমান চিজুছাত থকা ফৰেষ্ট কেম্প কটেজ নামৰ অতিথিশালাত থাকি চিজুচাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে শীতকালত পাকে নৈত আগমন ঘটা দেশ-বিদেশৰ পৰিভ্ৰমী পক্ষীসমুহক প্ৰত্যক্ষ কৰি আনন্দ উপভোগ কৰা পৰি লক্ষিত হৈছে।

No comments