Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিলাসীপাৰাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ মুখত হিন্দী চিনেমাৰ ডায়লগ

ওছমান গনি, বিলাসীপাৰা,  ২০ ফেব্ৰুৱাৰী:  টেনচন লেনে কা ন্যাহি, টেনচন দেনে কা হ্যায়।  হিন্দী চিনেমাৰ এই ডায়লগ এই বাৰ আওৰালে বি জে পি'ৰ ৰাজ...


ওছমান গনি,বিলাসীপাৰা, ২০ ফেব্ৰুৱাৰী:  টেনচন লেনে কা ন্যাহি, টেনচন দেনে কা হ্যায়।  হিন্দী চিনেমাৰ এই ডায়লগ এই বাৰ আওৰালে বি জে পি'ৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। মুছলমান মানে কংগ্ৰেছ নহয়,  মুছলমান মানেই ইউ ডি এফ নহয়। বিলাসীপাৰাৰ পৰা জয়ী হোৱা দলীয় বিধায়কক মন্ত্ৰীত্ব দিয়াৰ ইঙ্গিত ৰঞ্জিত দাসৰ। ১০৩ টা আসনত জয়ী হৈ পুনৰ চৰকাৰ গঠনৰ সমীক্ষা বিজেপিৰ ৰাজ্যিক সভাপতিৰ। ধুবুৰী লোকসভাৰ সাংসদকলৈ ৰঞ্জিত দাসৰ ভবিষ্যবানী- তিনি বছৰ পিছত বিজেপিয়ে ধুবুৰীৰ সাংসদ বনাৱ ভাটীয়া বা দেশী মুছলমানক, স্থান নাপায় ছিলেট বা হোজাইৰ আজমলে। CAC ক লৈ ৰঞ্জিত দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য, বিজেপি চৰকাৰ থকা লৈকে এজনো বাংলাদেশী আহিৱ নোৱাৰে অসমত।  সব কা সাথ সব কা বিকাশ, এই শ্লোগান যেন এতিয়া  বি জে পি'ৰ বাবে পুৰণি হ'ল।  শুক্ৰবাৰে সন্ধিয়া বিলাসীপাৰাত এখন যোগদান সভাত উপস্থিত হৈ বি জে পি'ৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কলে- টেনচন লেনে কা ন্যাহি, টেনচন দেনে কা হ্যায়। কাৰণ ২১ ৰ বিধান সভা নিৰ্বাচনত বি জে পিয়ে ১০০+ প্লাচ আসনত জয়ী হৈ টেনচন দিৱ  কংগ্ৰেছ আৰু এ আই ইউ ডি এফক।  শুক্ৰবাৰে সন্ধিয়া বিলাসীপাৰা আই এন এ খেল পথাৰত অনুষ্ঠিত এখন যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত হয় শাসকীয় দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস। সভাত বি জে পি দলৰ নীতি আদৰ্শ তথা পূব বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীৰ কৰ্মৰাজিৰ ওপৰত আকৃষ্ট হৈ ৰঞ্জিত কুমাৰ দাসৰ ওচৰত কেবা হেজাৰ কংগ্ৰেছ, এ আই ইউ ডি এফ, এ জি পি আৰু আম আদমি পাৰ্টীৰ নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। দলত যোগদান কৰা লোক সকলক দলীয় টুপী আৰু মাফলাৰেৰে আদৰি লয় সভাপতি দাসে।  এই সভাত পুৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীৰ কৰ্মৰাজিক ভূয়সী প্ৰশংসা কৰা শুনিবলৈ পোৱা যায় সভাপতি গৰাকীৰ মুখত।  লগতে সভাত সভাপতি ৰঞ্জিত কুমাৰ দাসে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে যে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহই এই খন পুৱ বিলাসীপাৰা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল। সেয়ে দলে এইবাৰ এই খন সমষ্টিৰ পৰা জয়ী হোৱা দলীয় বিধায়ক গৰাকীক মন্ত্ৰীত্বৰ পদো দিয়া হ'ব বুলি ইংগিত দিয়ে। সভাত বিজেপিৰ ৰাজ্যিক সভাপতি দাসে আৰু কয় যে,  মুছলমান মানে কংগ্ৰেছ নহয়,  মুছলমান মানেই ইউ ডি এফ নহয়। বিলাসীপাৰাৰ সভাস্থলীৰ পৰা ৰঞ্জিত দাসৰ নতুন সমীক্ষা।  ১০৩ টা আসনত জয়ী হৈ পুনৰ চৰকাৰ গঠন কৰিৱ বিজেপিয়ে।  ধুবুৰী লোকসভাৰ সাংসদকলৈ ৰঞ্জিত দাসে আগবঢ়ায় ভবিষ্যতবানী- তিনি বছৰ পিছত বিজেপিয়ে ধুবুৰীৰ সাংসদ বনাৱ ভাটীয়া বা দেশী মুছলমানক, স্থান নাপায় ছিলেট বা হোজাইৰ আজমলে।  CAC ক লৈয়ো ৰঞ্জিত দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য, বিজেপি চৰকাৰ থকা লৈকে এজনো বাংলাদেশী আহিৱ নোৱাৰে অসমত।

No comments