Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিক্ৰী কৰিব নোৱাৰি গৰু ম'হক খুৱাইছে বিলাহী বেঙেনা আলু কবি; কেজিত বিলাহী ৫০ পইচা, বন্ধাকবি ৫০ পইচা, আলু ৩ টকা, ৰঙালাও ২ টকা

ছাইদুল ইছলাম, ধিং, ১৯ ফেব্ৰুৱাৰী : কত আছে ৰাজ্যৰ কৃষি মন্ত্রী অতুল বৰা ডাঙৰীয়া ? কত আছে ৰাজ্যৰ বিয়াগোম কৃষি বিভাগ ? কৃষকৰ সমস্যাক লৈ ৰাজ্যৰ ...


ছাইদুল ইছলাম, ধিং, ১৯ ফেব্ৰুৱাৰী : কত আছে ৰাজ্যৰ কৃষি মন্ত্রী অতুল বৰা ডাঙৰীয়া ? কত আছে ৰাজ্যৰ বিয়াগোম কৃষি বিভাগ ? কৃষকৰ সমস্যাক লৈ ৰাজ্যৰ বিভিন্ন সভাত ৰাজনৈতিক ফুলজাৰিৰে ভাষণ প্রদান কৰা কৃষী মন্ত্ৰী গৰাকীয়ে খবৰ ৰাখিছেনে কৃষকৰ বৰ্তমান অৱস্থা কি। এই প্ৰতিবেদনৰ আৰম্ভণিতে জনাব লাগিব বৰ্তমান সময়ত কৃষকে পাই থকা শাক-পাচলিৰ মূল্যৰ তালিকা। পাইকাৰী মূল্যত বৰ্তমান কৃষকে লাভ কৰি আছে বিলাহী ৫০ পইচাৰ পৰা ১ টকা কেজিত। বন্ধাকবি ৫০ পইচা কেজি। আলু ৩ টকা কেজি। ৰঙালাও ২ টকা কেজি। যি সময়ত সমগ্র ৰাজ্যজুৰি দিনক দিনে বৃদ্ধি পাব ধৰিছে পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ঠিক তেনে সময়তে কৃষকে লাভ কৰি অহা শাক-পাচলিৰ মূল্যৰ তালিকা খনে স্বৰূপ উদঙাই দিছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰখনৰ আচল চেহেৰাটো। নগাওঁ জিলাৰ ধিং আৰু ডুমডুমীু্যা বজাৰত এতিয়া পানীৰ দৰত বিক্ৰী হৈছে কৃষকে মুৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা শাক-পাচলি। ধিঙৰ বৃহত্তৰ চৰাঞ্চলত কৃষকেসকলে এতিয়া বিক্ৰী কৰিব নোৱাৰি গৰু ম'হক খুৱাইছে বিলাহী, বেঙেনা, আলু আৰু বন্ধাকবি। গাঁঠিৰ ধন খৰছ কৰি কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে উৎপাদন কৰা এই সমূহ শাক-পাচলি বিক্ৰী কৰিব নোৱাৰি গৰু ম'হক খুওৱাব লগীয়া হোৱাত মোৰে কপালে হাত দিবলগীয়া হৈছে কৃষক সকলে। ধিঙৰ পাৰ্শ্ববৰ্তী ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চল সমূহত এনেদৰেই উৎপাদিত শাক-পাচলি গৰু ম'হক খুওৱা দৃশ্য এতিয়া যেনিয়ে যাব তেনিয়েই দেখিবলৈ পাব। পথাৰত শ শ বিঘা বিলাহী, বিঘাই বিঘাই বেঙেনা, বন্ধাকবি আৰু মিঠালাও আদি নষ্ট হবলৈ ধৰিছে। অকল এয়াই নহয় উপায়হীন কৃষক সকলে বিঘাই বিঘাই লমা লমে লাগি থকা বিলাহী, বেঙেনা খেতি হাল বাই নষ্ট কৰি পেলাইছে। কাৰণ বজাৰত গ্ৰাহক আৰু বেপাৰীৰ অভাৱ এইসমূহ শাক-পাচলি ক্ৰয় কৰিবলৈ। বিগত কেইবাদি ধৰি কৃষক সকলে বিক্ৰীৰ বাবে নিয়া শাক-পাচলি বিক্ৰী কৰিব নোৱাৰি বজাৰতে পেলাই থৈ আহিব লগীয়া হৈছে। তাতোকৈ দুৰ্ভাগ্যৰ বিষয় যে ধিং আৰু ডুমডুমীু্যা বজাৰত এইসমূহ শাক-পাচলি এতিয়া ওজন কৰি বিক্ৰী নহয়, বিক্ৰী হয় বস্তাই প্ৰতি। দীৰ্ঘ দিনীয়া লক ডাউন আৰু শাক-পাচলিৰ কম মূল্য হোৱাৰ বাবে কৃষক সকলৰ পানীত হাঁহ নচৰা পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান। যাৰ ফলস্বৰূপে দিশহাৰা হৈ পৰিছে এতিয়া কৃষক সকল। পিছে এইসকল কৃষকক লৈ মুঠেই চিন্তিত নহয় ৰাজ্যৰ বিয়াগোম কৃষি বিভাগ আৰু কৃষি মন্ত্রী অতুল বৰা। নিৰ্বাচনৰ আগে আগে একাংশ কৃষকক ৫০০-২০০০ কৈ টকা দি সভা-সমিতিত ভাষণত ডাঙৰ ডাঙৰ কথা কলেই কৃষকৰ উন্নতি নহয়, কৃষকৰ সমস্যা ধুৰ নহয়। কৃষি মন্ত্রী ডাঙৰীয়া আপুনি এবাৰ বুজিবলৈ চেষ্টা কৰক এইসকল কৃষকৰ বৰ্তমানৰ হাহাকাৰ অৱস্থাৰ কথা। উপায়হীন দুৰ্ভগীয়া কৃষক সকলেও বিচাৰিছে ৰাজ্য চৰকাৰৰ সহায়।

No comments