Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সংখ্যালঘুসকলে সংখ্যাগুৰুক আস্থা-বিশ্বাসত লৈ এখন বহল অসমীয়া সমাজ গঢ়িব লাগিব

আছাম চিভিল ছ'চাইটিৰ উদ্যোগত যোৰহাট-নগাঁৱৰ মত বিনিময় আনুস্থানত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন   ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট, ৬ ফেব্ৰুৱাৰী : অসম...

আছাম চিভিল ছ'চাইটিৰ উদ্যোগত যোৰহাট-নগাঁৱৰ মত বিনিময় আনুস্থানত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন  



ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট, ৬ ফেব্ৰুৱাৰী : অসমৰ বৰ্তমান বিভাজন মুখী, ধৰ্মীয় মেৰুকৰণৰ যি প্ৰক্ৰিয়া আৰাম্ভ হৈছে আৰু   অসমত বহবাস কৰা ভূমি পুত্ৰ মুছলমানসকল সমাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিক ভাৱে পিছ পৰি থকাৰ লগতে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ  সন্দৰ্ভত আলোচনা পৰ্য্যালোচনা কৰাৰ বাবে  যোৰহাটৰ চেণ্ট্ৰেল ক্লাৱত শনিবাৰে অসম চিভিল ছ'চাইটিৰ এখন  এখনি সভা আৰু মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় । সমাজ কৰ্মী নবাব নাছিৰুদ্দিনে আঁত ধৰা মত বিনিময় আৰু সভাখনৰ সভাপতিত্ব কৰে  বিশিষ্ট শিক্ষাবিদ ড0 আদিল উল য়াচিনে । উক্ত সভাত বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী হাইদৰ হুছেইন , শিক্ষাবিদ আব্দুল মান্নান , বিশিষ্ট আইনজীৱি  হাফিজ ৰচিদ আহমেদ চৌধুৰী , সমাজ কৰ্মী চৈয়দ ডাঃ ইফতিকাৰ আহমেদ , বিশিষ্ট অধিবক্তা আব্দুছ ছবুৰ তাপাদাৰ , বিশিষ্ট  সাংবাদিক ,সমাজ কৰ্মী ছাহজাহান তালুকদাৰ ,  আফ্ৰিদা হুছেইন , শিল্পী আজিমুদ্দিন আহমেদ উপস্থিত আছিল । সভাত জ্যেষ্ঠ  সাংবাদিক তথা বুদ্ধিজীৱী হাইদৰ হুছেইনে ব্যক্তব্যত কয় যে বৰ্তমান সময়ত যি ধৰ্মীয় মেৰুকৰণ পদ্ধতি চলি আছে এই সময়ত অসমৰ সকলো ধৰ্মীয় লোক একগোট নহলে আৰু বহু সমস্যাৰ সন্মুখীন হ'ব । বৰ্তমান সময়ত বিভিন্ন ৰাজনৈতিক ইছ্যুসমূহ নাইকিয়া হৈ গৈছে বাবেই এতিয়া মুছলমানসকলক সমস্যা হিচাপে বাচি লৈ  একাংশই ৰাজনীতি আৰাম্ভ কৰিছে । এনে সময়ত অসমৰ মুছলমান সমাজ এক হব লাগে । ধৰ্ম ধৰ্ম কৰি থাকিলে নহ'ব । পূৰ্বে মুছলমানসকলে ধৰ্মীয় কাম কৰা নাছিল নেকি বুলিও উল্লেখ কৰে ।




অসমৰ মুছলমানকলৰ মাজত  শ্ৰেণী বিভাজনৰ বিষয়টোৱেই অসমত মুছলমানসকলক এক হোৱাত বাধাৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে । গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে কয় যে বৰ্তমান যি ধৰ্মীয় মেৰুকৰণ কৰি মুছলমানসকলক একাষৰীয়া কৰিব খুজিছে এয়া মুছলমানৰ প্ৰতি ভাবুকি নহয় গণতান্ত্ৰৰ প্ৰতি ভাবুকি ,সংবিধানৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰে । এতিয়া  ৰাজনৈতিক শক্তিয়ে মুছলমানৰ ওপৰত প্ৰতিমুহূৰ্ততে অপমান সূচক মনোভাব প্ৰকাশ কৰি অহা দেখিবলৈ পোৱা গৈছে । কিছু দিনৰ পূৰ্বে বিশিষ্ট  সাহিত্যিক  চৈয়দ আব্দুল মালিকৰ যি অপমান সূচক মন্তব্য দিয়া হল আৰু  মোগলৰ নাম লৈ অসম চলাবলৈ আৰাম্ভ কৰিবলৈ ললে  তেতিয়াই ৰাজ্যৰ কেইজনমান  বুদ্ধিজীৱী আগবাঢ়ি আহি অসম চিভিল ছ'চাইটি নামৰ এই সংস্থাটো জন্ম দিলে বুলি উল্লেখ কৰে । বিশিষ্টা সাংবাদিক আফ্ৰিদা হুছেইনে উদ্দেশ্য বাখ্যা কৰা সভাখনত বিশিষ্ট শিক্ষাবিদ আব্দুল মান্নানেও বক্তব্য প্রদান কৰে । বিশিষ্ট সাংবাদিক তথা সমাজ কৰ্মী চাহজাহান তালুকদাৰে বৰ্তমান সময়ত মুছলমানসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । আৰু মুছলমান ৰাইজক আৰু অধিক শিক্ষাৰ প্ৰতি আগ্ৰহ হবলৈ হাতত কলম তুলি লবলৈ আহ্বান জনায় । সেইহে অসম চিভিল ছ'চাইটি নামৰ এই সংস্থাটোৱে অসমৰ ৰাইজৰ হৈ ,মুছলমান ৰাইজৰ হৈ মাত মতাৰ কাৰণে অসমৰ বিভিন্ন অঞ্চলত সভা - সমিতি অনুষ্ঠিত কৰি সকলোকে একগোট কৰাৰ চেষ্টা কৰি থকা হৈছে বুলি উল্লেখ কৰে ।

মতবিনিময় অনুষ্ঠানটোত যোৰহাটৰ সমাজকৰ্মী আলহাজ তৌফিকুল হুছেইন , নবাব নাছিৰুদ্দিন আহমেদ, দীপক ৰফিক আহমেদ , উজনি অসম মুছলিম কল্যান পৰিষদৰ যোৰহাট জিলাৰ সম্পাদক এম ৰফিক হুছেইন , সাংবাদিক সাহিত্যিক ৰুবুল মাইবেলা , আবুল হুছেইনকে আদি কৰি যোৰহাটৰ বহু কেইজন লোকে বক্তব্য প্ৰদান কৰে । আনহাতে মতবিনিময় অনুষ্ঠানৰ পূৰ্বে বিশিষ্ট শিক্ষাবিদ ড0 আদিল উল ইয়াচিনে   অসমৰ বৰ্তমান পৰিস্থিতিত মুছলমান লোকসকলৰ কৰণীয়ৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । শিল্পী আজিমুদ্দিন আহমেদে আজান পীৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । আনহাতে সমাজকৰ্মী চৈয়দ ডাঃ ইফতিকাৰ আহমেদেও বক্তব্য প্ৰদান কৰে । উক্ত সভাত যোৰহাটৰ বহু সংখ্যক গণ্য - মান্য লোকে অংশগ্ৰহণ কৰে ।









No comments