Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাজলগাঁৱত প্ৰাথমিক শিক্ষকৰ জিলা শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও

সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ ফেব্ৰুৱাৰী : প্ৰাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকৰ পদ সৃষ্টি কৰা , স্নাতক শিক্ষকৰ ৮৭০০ টকা গ্রেড পে ’ ঘূৰাই দিয়াকে ...


সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ ফেব্ৰুৱাৰী : প্ৰাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকৰ পদ সৃষ্টি কৰা , স্নাতক শিক্ষকৰ ৮৭০০ টকা গ্রেড পে ’ ঘূৰাই দিয়াকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত আজি ৰাজ্যজুৰি প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত শিক্ষকসকলে জিলা প্ৰাথমিক শিক্ষা বিষয়া ( ডিইইঅ )ৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে । চিৰাং জিলা সদৰ কাজলগাঁৱতো আজি কাজলগাঁও মহকুমা আৰু বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যৌথভাৱে তিনি ঘন্টীয়া জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কাজলগাঁওস্থিত ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা জিলা যোগ কেন্দ্ৰত অনুষ্ঠিত উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী ৪ শতাধিক প্ৰাথমিক শিক্ষকে অংশ গ্ৰহণ কৰে । অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নিৰ্দেশ মৰ্মে আয়োজিত উক্ত কাৰ্যসূচীত প্ৰতিবাদকাৰী শিক্ষকসকলে একমুখে "প্রধান শিক্ষকৰ পদ সৃষ্টি কৰক , স্নাতক শিক্ষকৰ ৮৭০০ টকা গ্রেড পে ' ঘূৰাই দিয়ক, মুখ্যমন্ত্রীৰ নির্দেশ কাৰ্যকৰী কৰক , নতুন পেঞ্চননীতি বাতিল কৰি পুৰণা পেঞ্চননীতি বাহাল ৰাখক , ঠিকাভিত্তিক শিক্ষকৰ প্ৰাপ্য মৰগীয়া বানচ মােকলাই দিয়ক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । ইয়াৰ মাজতে প্ৰতিবাদকাৰী শিক্ষকসকলে যোগা কেন্দ্ৰৰ পৰা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ সমদল কৰি যাবলৈ ওলাওঁতে আৰক্ষীয়ে আদবাটতে বাধা প্ৰদান কৰে । পিছত উক্ত স্থানত জিলা প্ৰাথমিক শিক্ষা বিষয়া হীৰালাল বৰাই স্ব শৰীৰে উপস্থিত হৈ সন্থাৰ দাবী সম্বলিত স্মাৰকপত্ৰ গ্ৰহণ কৰি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ শিক্ষা মন্ত্ৰীলৈ প্ৰেৰণ কৰে । সন্মিলনীৰ কাজলগাঁও আৰু  বিজনী মহকুমাৰ সভাপতি আৰু সম্পাদকে অসম চৰকাৰৰ শিক্ষা বিভাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো আওকাণ কৰি ৰাজ্যৰ ৩৬ হেজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ তুলি সন্মিলনিৰ দাবী শীঘ্ৰে পূৰণ নকৰিলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক অন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে । 

No comments