Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আৰক্ষী চকী চৌহদত নিৰ্মাণ কৰা শিৱ মন্দিৰ উদ্বোধন মুছলমান আৰক্ষী বিষয়া ওৱাজ আলীৰ

গণ বাৰ্তা, শালবাৰী, ১৮ ফেব্ৰুৱাৰীঃ বিভিন্ন ক্ষেত্ৰত ধৰ্মীয় জাতপাতে বহুতৰে মাজত বিভেদ সৃষ্টি কৰাৰ সময়তে এগৰাকী আৰক্ষী বিষয়াই এক মহৎ কামৰ বাবে...


গণ বাৰ্তা, শালবাৰী, ১৮ ফেব্ৰুৱাৰীঃ বিভিন্ন ক্ষেত্ৰত ধৰ্মীয় জাতপাতে বহুতৰে মাজত বিভেদ সৃষ্টি কৰাৰ সময়তে এগৰাকী আৰক্ষী বিষয়াই এক মহৎ কামৰ বাবেই ৰাইজৰ পৰা ভূয়সী প্ৰশংসা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা বাৰ্তাই বাগসাৰ শালবাৰীৰ আনন্দ বজাৰ বাসীৰ মাজত আনন্দৰ জোৱাৰ আনিছে৷ বাগসা জিলাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ওৱাজ আলীৰ নিজস্ব প্ৰচেষ্টা তথা আৰক্ষী চকীখনত কৰ্মৰত আৰক্ষী জোৱান সকলৰ সহযোগিতাত আৰক্ষী চকী চৌহদত নিৰ্মাণ কৰা এটা শিৱ মন্দিৰৰ আজি শুভ উদ্বোধন কৰা হয়৷ হৰ্ষোল্লাসৰ মাজতে ৰঙা ফিটা কাটি শিৱ মন্দিৰটো উদ্বোধন কৰে শালবাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীয়ে৷ শিৱ মন্দিৰটো উদ্বোধন কৰি মহকুমাধিপতি ওৱাৰীয়ে আৰক্ষী বিষয়া ওৱাজ আলীৰ কৰ্মৰ জৰিয়তে সম্প্ৰীতিৰ নিদৰ্শনৰ দিশটো পৰিস্ফুট হোৱা বুলি মন্তব্য কৰে৷ একেদৰে আৰক্ষী বিষয়া ওৱাজ আলীয়ে এগৰাকী মুছলমান লোক হৈও শিৱ মন্দিৰ এটা নিৰ্মাণ কৰিবলৈ পাই নিজকে ধন্য মনা বুলি মন্তব্য কৰি কয়-“মই মানৱ ধৰ্ম হিচাপেহে আৰক্ষী চকী চৌহদত স্থায়ীভাবে শিৱ মন্দিৰ এটা নিৰ্মাণৰ চিন্তা কৰিছিলো,জাতি ধৰ্মক চাই নহয়৷অসমখন যিহেতু এখন শংকৰ আজানৰ দেশ,ইয়াত কোনো জাতি ধৰ্মৰ কথা আহি নপৰে৷মানুহ হিচাপে আমি সকলো একে৷ধৰ্মটো নিজে নিজে বনাই লোৱাহে৷” উল্লেখ্য যে ৰাতিপুৱাৰ ভাগত শিৱ মন্দিৰটো উদ্বোধন কৰাৰ পিছতে স্থানীয় আয়তী,নামতী দলৰ দ্বাৰা নামকীৰ্তন কৰা হয়৷সন্ধিয়া লোকসংগীতৰ অনুষ্ঠানৰ লগতে নিশাৰ ভাগত চৰ্ণাৰ মহিলা নাগাৰা নাম দলৰদ্বাৰা নাম পৰিবেশন কৰা হয়৷ ইছলাম ধৰ্মীয় আৰক্ষী বিষয়া গৰাকীৰ কাৰ্যক একেমুখে প্ৰশংসা কৰিছে বৃহত্তৰ আনন্দ বজাৰ অঞ্চলৰ দল-সংগঠন তথা স্থানীয় ৰাইজে৷

No comments