গনবাৰ্তা বকো, ২৬ ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ বকোস্হিত বকো মণ্ডল প্ৰাথমিক শিক্ষক সন্মিলনী ভৱনৰ চাৰিবেৰৰ বৰ্ধিত অংশ নিৰ্মাণৰ আজি আনুষ্ঠানিক ভাৱে...
গনবাৰ্তা বকো, ২৬ ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ বকোস্হিত বকো মণ্ডল প্ৰাথমিক শিক্ষক সন্মিলনী ভৱনৰ চাৰিবেৰৰ বৰ্ধিত অংশ নিৰ্মাণৰ আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ৷ বকো সমষ্টিৰ বিধায়ক পুঁজিৰ দ্বাৰা আৱন্টিত ২০১৯-২০ বৰ্ষৰ ২ লাখ টকাৰে নিৰ্মাণ কৰা শিক্ষক সন্মিলনীৰ চাৰিবেৰৰ নিৰ্মাণ কাৰ্যৰ শুভ উদ্বোধনী অনুষ্ঠানত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে অংশ গ্ৰহণ কৰি ভাষন প্ৰসংগত কয় যে, দীৰ্ঘদিনৰ পৰা বকো শিক্ষক সন্মিলনী ভৱনৰ চাৰিবেৰৰ পকীকৰণ নোহোৱাকৈ আছিল ৷ উক্ত সমস্যা সমাধানৰ বাবে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে বিধায়ক পুঁজিৰ অধীনত টকা আৱন্টন দিয়াত উক্ত টকাৰে সুকলমে নিৰ্মাণ কাৰ্য সম্পন্ন হৈ উঠাত উক্ত ভৱনৰ এটা স্হায়ী সমস্যাৰ সমাধান হোৱা বুলি উল্লেখ কৰে ৷ উক্ত উদ্বোধনী অনুষ্ঠানত বকো মণ্ডল প্ৰাথমিক শিক্ষক সন্মিলনী ভৱনৰ সভাপতি ভৱ বড়ো, সম্পাদক নৱ কুমাৰ দাস, গৃহ সম্পাদক দীপক কুমাৰ, নিৰ্মাণ কমিটিৰ সভাপতি বীৰেন টটলা , বকো ব্লক কংগ্ৰেছৰ সভাপতি অৰবিন্দ ৰাভা, সম্পাদক কামাখ্যা চেত্ৰী, বিজু হুছেইন, লাচিত আলি , বকো ব্লক এচ চি মৰ্চাৰ সভানেত্ৰী সৰলা দাস প্ৰমুখ্যে কৰি বকো অঞ্চলৰ ভালে সংখ্যক ব্যাক্তিয়ে অংশ গ্ৰহণ কৰে ৷
No comments