Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঢকুৱাখনাৰ উদীয়মান সাংবাদিক হৰিপ্ৰসাদ চুতীয়াক ত্যাগযোদ্ধা বঁটা প্ৰদান

গণবাৰ্তা,ঢকুৱাখনাৰ পৰা ঘনকান্ত দলে,১০ ফেব্ৰুৱাৰী:  ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ অধীনস্থ মৰনৈ চাপৰি গাঁৱৰ বাসীন্দা ...


গণবাৰ্তা,ঢকুৱাখনাৰ পৰা ঘনকান্ত দলে,১০ ফেব্ৰুৱাৰী: ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ অধীনস্থ মৰনৈ চাপৰি গাঁৱৰ বাসীন্দা ৰত্ন চুতীয়া আৰু মাতৃ নয়ন্তী চুতীয়াৰ কনিষ্ট পুত্ৰ তথা সমাজসেৱী , উদীয়মান সাংবাদিক হৰিপ্ৰসাদ চুতীয়াই ত্যাগযোদ্ধা বঁটা সন্মান লাভ কৰি সমগ্ৰ ঢকুৱাখনাৰ লগতে সোৱণশিৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। কলেজীয়া জীৱনৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৰিপ্ৰসাদ চুতীয়াই বিগত তিনিটা বছৰ ধৰি ডিজিটেল ৱেব চেনেল এন ই জি লগত নিষ্ঠাসহকাৰে জড়িত থাকি ঢকুৱাখনা সমষ্টিৰ বিভিন্ন অঞ্চলত ৰাইজৰ পক্ষত থাকি দুৰ্নীতি, অনিয়ম,শোষণ-নিস্পেষণ,অভাৱ-অভিযোগ, সুখ-দুখত সামাজিক আৰু অৰ্থনৈতিক দুৰৱস্থাৰ সন্দৰ্ভত বলিষ্ঠ ভাৱে বাতৰি পৰিৱেশন কৰি  প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সংবাদ সেৱাৰ লগত জড়িত থাকি যি ত্যাগ স্বীকাৰ কৰি সমাজৰ হিত সাধনাৰ বাবে কাম কৰি আহিছে তাৰে স্বীকৃতি হিচাবে আজি গুৱাহাটীস্থিত উলুৱাৰী মুখ্য কাৰ্যালয়ত হৰিপ্ৰসাদ চুতীয়াক ত্যাগযোদ্ধা বঁটা সন্মানৰে সম্বৰ্ধনা জনোৱা হয়।

Attachments area

No comments