Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নৰ্থ-ইষ্ট টি-২০ চেম্পিয়নশ্বিপত নিউজ-১৮- প্ৰতিদিন টাইমৰ জয়লাভ

ষ্টাফ  ৰিপ'ৰ্টাৰ, গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী ঃ দ্বিতীয় নৰ্থ-ইষ্ট টি-২০ চেম্পিয়নশ্বিপত আজিৰ মেচত আমাৰ অসমৰ বিৰুদ্ধে ১৯ ৰানৰ ব্যৱধানত নিউজ-১৮...

ষ্টাফ  ৰিপ'ৰ্টাৰ, গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী ঃ দ্বিতীয় নৰ্থ-ইষ্ট টি-২০ চেম্পিয়নশ্বিপত আজিৰ মেচত আমাৰ অসমৰ বিৰুদ্ধে ১৯ ৰানৰ ব্যৱধানত নিউজ-১৮য়ে লাভ কৰাৰ বিপৰীতে আন এখন মেচত প্ৰতিদিন টাইমে মাই নিউজৰ বিৰুদ্ধে চাৰি ৰানৰ ব্যৱধানত জয়লাভ কৰে। জজ খেলপথাৰত ১৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা এই টি-২০ চেম্পিয়নশ্বিপৰ গ্ৰু¸প ‘এ’ৰ মেচত মাই নিউজ এন ইৰ বিৰুদ্ধে প্ৰতিদিন টাইমে জয়লাভ কৰে। প্ৰতিদিন টাইমে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ আহি মাই নিউজ এন ইৰ বিৰুদ্ধে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেট হেৰুৱাই ১৪৬ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ নয়ন প্ৰতীম কুমাৰে সৰ্বাধিক ৫০বলত ৫৫ ৰান আৰু পংকজ প্ৰতীম বৰাই ৩৩ বলত ৩১ ৰান অৰ্জন কৰে। ইয়াৰক প্ৰত্যুত্তৰত মাই নিউজ এন ইয়ে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৪২ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ সৰ্বাধিক থাৰুৰ মাহাতোৱে ৪৫ বলত ৭৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰাজু বৰাই ২৫ বলত ২৩ ৰান সংগ্ৰহ কৰে।


আনহাতে দ্বিতীয়খন মেচত গ্ৰু ‘চি’ৰ নিউজ-১৮য়ে আমাৰ অসমৰ বিৰুদ্ধে সুন্দৰ বেটিং-বলিং প্ৰদৰ্শনেৰে জয়লাভ কৰে। নিউজ-১৮য়ে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ নামি নিৰ্ধাৰিত ১৮ অভাৰত ৮টা উইকেট হেৰুৱাই আমাৰ অসমৰ বিৰুদ্ধে ১৫৫ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ দিগন্ত ডেকাই বিস্ফোৰক বেটিং প্ৰদৰ্শন দাঙি ধৰি ৬৩ বলত ১২টা ৪ আৰু ৮টা ছিক্সাৰেৰে ১১৪ ৰান অৰ্জন কৰে।  তেওঁৰ দুৰ্দান্ত বেটিং প্ৰদৰ্শনৰ ফলস্বৰূপে দলটোৱে বিশাল ৰানৰ পাহাৰ গঢ়ে। ইয়াৰ প্ৰত্যুত্তৰত আমাৰ অসমে নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৭ ৰান সংগ্ৰহ কৰে। যাৰ ফলত মেচখনত দলটোৱে ১৯ ৰানৰ ব্যৱধাত পৰাস্ত হয়। আমাৰ অসমৰ হৈ উদীপ্ত শইকীয়াই সৰ্বাধিক ৫০ বলত ৫৯ ৰান আৰু ৰাকেশ বৰ্মনে ১৩ বলত ১৫ ৰান অৰ্জন কৰে। প্ৰথম মেচত অতিথি হিচাপে থাকি মেন অৱ দা মেচ প্ৰদান কৰে মহানগৰ বিজেপিৰ মহিলা মৰ্চাৰ সম্পাদিকা গীতা বৰাই।

No comments