Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপিয়ে মিছা প্ৰতিশ্ৰুতিৰে অসমবাসীক প্ৰতাৰনা কৰিছে - ডা: অৰ্ধেন্দু দে'

কফিল বৰভুঞা, হোজাই ২৮ ফেব্ৰুৱাৰী : অসমৰ ৰাইজ বৰ্তমান শান্তিত থকা নাই, বিজেপি চৰকাৰৰ কাৰ্যকালত কেৱল ভূৱা আৰু মিছা প্ৰতিশ্ৰুতিৰে অসমবাসীক প্ৰত...


কফিল বৰভুঞা, হোজাই ২৮ ফেব্ৰুৱাৰী
: অসমৰ ৰাইজ বৰ্তমান শান্তিত থকা নাই, বিজেপি চৰকাৰৰ কাৰ্যকালত কেৱল ভূৱা আৰু মিছা প্ৰতিশ্ৰুতিৰে অসমবাসীক প্ৰতাৰণা কৰা হৈছে, বিজেপিয়ে যোৱা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই - এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ডা: অৰ্ধেন্দু কুমাৰ দে'ৰ ৷ আজি হোজাইত বুথ কৰ্মী শিৱিৰত এইদৰে ডা: দেই আন কেতবোৰ মন্তব্য কৰে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়- নিৰ্বাচনৰ পূৰ্বে সকলোতে লবীকেন্দ্ৰীক ৰাজনীতি চলে, ঠিকট পোৱাৰ পোৱাৰ পিছত সকলোৱে মিলি কাম কৰিব দলৰ কাৰণে, এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা হোজাই জিলা কংগ্ৰেছৰ সভাপতি ডা: অৰ্ধেন্দু কুমাৰ দে' ৷ ডা:দে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি বুথ কৰ্মী সংকল্প শিবিৰৰ সভাৰ শেষত সাংবাদিকৰ আগত মন্তব্য কৰে ৷ হোজাই চহৰৰ বিভূতি ভূষণ বিবাহ ভৱনত কংগ্ৰেছৰ এই বুথ কৰ্মী সংকল্পত সভাত এপিচিচিৰ সাধাৰণ সম্পাদক ডা: দুৰ্লভ চমুৱা, প্ৰাক্তনমন্ত্ৰী ডা: অৰ্ধেন্দু দে, বুথ সংকল্প শিৱিৰৰ প্ৰশিক্ষক তথা চয়ত্ৰিছ ঘৰৰ পৰা অহা ৰাষ্ট্ৰীয় বুথ প্ৰশিক্ষক সুশিল শৰ্মা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ সুশিল শৰ্মাই উপস্থিত সকলোকে এক গোট হৈ গাৱে গাঁৱে গৈ কংগ্ৰেছৰ হৈ কাম কৰি হোজাইৰ পৰা যাকে দলে টিকট দিব সেইজনক জয়ী কৰাই দিয়াৰ বাবে আহ্বান জনায় ৷ এই সভাত উপস্থিত হৈ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এপিচিচিৰ সাধাৰণ সম্পাদক ডা: দুৰ্লভ চমুৱাই বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল চৰকাৰক ক্ষোৰধাৰ সমালোচনা কৰি কয় - কংগ্ৰেছ চৰকাৰৰ ৬০ বছৰীয়া শাসন কালত নিত্য প্ৰয়োজনীয় সাসামগ্ৰী যেনে- চেনি, পিঁয়াজ, মিঠাতেল, দাইল, পেট্ৰল -ডিজেল আদিৰ মূল্য ৬০ টকা হোৱা নাছিল কিন্তু বৰ্তমানত কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত থকা বিজেপি চৰকাৰৰ দিনত অসমৰ ৰাইজে নিত্যপ্ৰয়োজনীয় সামগ্ৰী প্ৰতি কেজি ৪০/ ৫০ টকাৰ ঠাইত ১০০/১৫০ টকাত বস্তু কিনিবলগীয়া হৈছে, এয়া হৈছে কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ মাজৰ প্ৰাৰ্থক্য ৷ বৰ্তমান সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত অসমত মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি গৰু , কয়লা , চুপাৰী আদি সকলোতে কেৱল চেণ্ডিকেটৰাজ চলি থকা বুলি অভিযোগ উত্থাপন কৰি চমুৱাই কয় - এয়া মই কোৱা কথা নহয়- মেনেকা গান্ধী আৰু পেপাৰ পত্ৰিকাত প্ৰকাশ পোৱা কথা বুলি মন্তব্য কৰি কয় কংগ্ৰেছৰ দিনত ৰন্ধন গেছৰ মূল্য আছিল চাৰে তিনিশৰ পৰা চাৰিশ টকা, বৰ্তমান এটা ৰন্ধনগেছ ৯০০ টকাৰ উপৰত কিনিবলগীয়া হৈছে, এয়া হৈছে বিজেপি চৰকাৰৰ আচ্ছা দিনৰ শ্লগান ৷ আজিৰ এই বুথ শিৱিৰত হোজাই সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ক্ৰমে- দেৱব্ৰত সাহা, কে কে শৰ্মা, অনিৰুদ্ধ দে , সুপ্ৰতিম ক'ৰ, শংকৰ মালাকাৰ , জিলি চৌধূৰী আৰু চিত্ত পাল উপস্থিত আছিল ৷ সভাত সুশিল শৰ্মা, ডা: দুৰ্লভ চমুৱা, ডা: অৰ্ধেন্দু কুমাৰ দে', যোগীজান ব্লক কংগ্ৰেছৰ সভাপতি নুৰ আহমেদ সহ অন্যান্য সকলে বক্তব্য প্ৰদান কৰে ৷ সভাৰ শেষত ডা: দুৰ্লভ চমুৱা আৰু ডা:অৰ্ধেন্দু কুমাৰ দে' সংবাদ মাধ্যমৰ আগত শাসকীয় বিজেপি দলৰ কাম কাজক তীব্ৰ সমালোচনা কৰি কয়- এইবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বত মিত্ৰজোটে চৰকাৰ গঠন কৰিব , সেয়া নিশ্চিত ৷ লগতে কংগ্ৰেছৰ মাজত লবী ৰাজনীতিৰ সৃষ্টি নকৰি সকলোৱে একত্ৰিত হৈ যিজনে টিকট লাভ কৰিব সেইজনক হোজাইৰ পৰা জয়ী কৰাই দিছপুৰ পঠিওৱাৰ সংকল্প গ্ৰহণ কৰা বুলি যোগীজান ব্লক কংগ্ৰেছৰ সভাপতি নুৰ আহমেদে জানিবলৈ দিয়ে ৷

No comments