Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সাহিত্য ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে অসম চৰকাৰৰ স্বীকৃতি

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৩ ফেব্ৰুৱাৰী:  সাহিত্য ক্ষেত্ৰ খনত নিষ্ঠাৰে অৱদান আগবঢ়োৱাৰ বাবে এক ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষে...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৩ ফেব্ৰুৱাৰী: সাহিত্য ক্ষেত্ৰ খনত নিষ্ঠাৰে অৱদান আগবঢ়োৱাৰ বাবে এক ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  মূখ্যমন্ত্ৰী   সৰ্বানন্দ সোঁণোৱাল  আৰু হিমন্ত বিশ্বশৰ্মা লগতে বহু গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত  অসম চৰকাৰৰ ভাষা গৌৰৱ আঁচনিৰ অন্তৰ্গত  লেখৰ সম্বৰ্ধনা  জনোৱা হয় ৷ যোৰহাটৰ  কবি, ঔপন্যাসিক, গল্পকাৰ, চিত্ৰশিল্পী,ৰাষ্ট্ৰীয় পদক প্ৰাপক  ক্ৰীড়াবিদ  জুলি বৰুৱা  , কবি, গল্পকাৰ, প্ৰতিদিনৰ নন্দনপৃষ্ঠাৰ লেখিকা  গাৰ্গীভূঞা শইকীয়া  , কবি, ঔপন্যাসিক  ,সপ্তশিখা কাব্যালোচনীৰ সম্পাদিকা  স্নেহা জোনাক দত্ত বৰুৱা, মাধৱ মহন্ত, স্বপ্না বৰঠাকুৰ, নিৰদা গগৈ, টুনমণি বৰা , ভ্ৰমণ কাহিনী লিখা সুমঙ্গল দত্ত, প্ৰাঞ্জল ৰিপু কুমাৰ, প্ৰাঞ্জল কুমাৰ লাহন, ডম্বৰু বৰাকে আদি কৰি যোৰহাটৰ বহু কেইজন লেখক ,লেখিকা ,কবি ,সাহিত্যিকক  অসম চৰকাৰৰ বিশেষ সম্বৰ্ধনাপত্ৰৰ লগতে পঞ্চাচ হেজাৰ টকাৰ  বঁটা ৰূপে প্ৰাপ্ত কৰে ৷ এই প্ৰাপ্তিয়ে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত দায়ীত্ব বৃদ্ধি কৰিলে বুলি বঁটা প্ৰাপ্তি সকলে উল্লেখ কৰিছে  ৷

No comments